ডিজিটেল ডেস্ক : ৰাখে হৰি মাৰে কোনে। এই আপ্তবাক্যষাৰ যেন আখৰে আখৰে ফলিয়ালে ভেনিজুৱেলাৰ এজন ৪৩ বছৰীয়া লোকৰ ক্ষেত্ৰত। দেশখনত হোৱা বিধ্বংসী ভূঁইকঁপৰ পাছত প্রায় ৮ দিন ধ্বংসস্তূপৰ মাজত সন্ধানহীন হৈ থকা হাৰনান এলবাৰ্টগিল ফ্লৰেছক বৃহস্পতিবাৰে উদ্ধাৰকাৰী দলে নিৰাপদে ধ্বংসস্তূপৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয়।
চৰকাৰী তথ্য অনুসৰি বৰ্তমানলৈকে এই ভূঁইকঁপত ২,৬০০ লোকৰ মৃত্যু হৈছে। আনহাতে, এতিয়াও প্রায় ৫০ হাজাৰ লোক সন্ধানহীন হৈ আছে। তাৰ মাজতে ৮ দিনকৈ ধ্বংসস্তূপৰ তলত সোমাই থকা গিল জীৱন্তে উদ্ধাৰ হোৱাটোত উদ্ধাৰকাৰী দলো আশ্চৰ্যকৃত হৈ পৰিছে।
কাটিয়া লা মাৰ নামৰ এটা অঞ্চলৰ সাত মহলীয়া ভৱন এটা ২৪ জুনৰ ভূঁইকঁপত ভাগি পৰাৰ ফলত হাৰনান গিল ধ্বংসস্তূপৰ মাজত সোমাই পৰিছিল। গিলৰ উদ্ধাৰৰ পাছতে তেওঁৰ পত্নীয়ে তেওঁৰ জীৱিত উদ্ধাৰক অলৌকিক আখ্যা দিছে।