ফাইনেলত আলকাৰাজ, জ'ক'ভিচ

dainik janambhumi January 31, 2026

ডিজিটেল ডেস্ক : বিশ্বৰ ১ নম্বৰ খেলুৱৈ কার্লোছ আলকাৰাজে জার্মানিৰ আলেকজেণ্ডাৰ জেৰেভক ৫ ছেটৰ যুঁজত হৰুৱাই অষ্ট্ৰেলিয়ান‌ অ'পেনৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্রায় ৫ ঘণ্টা ৩০ মিনিটৰ খেলত বিশ্বৰ তৃতীয় স্থানৰ জেৰেভক ৬-৪, ৭-৬ (৫), ৬-৭ (৩), ৬-৭ (৪), ৭-৫ ব্যৱধানত হৰুৱাই স্পেইনৰ আলকাৰাজে খিতাপৰ যুঁজলৈ আগবাঢ়ে। 

অষ্ট্ৰেলিয়ান অ'পেনত তৃতীয় দীর্ঘতম মেচত জয়ী হোৱা আলকাৰাজে তেনেদৰেই কেৰিয়াৰ গ্ৰেণ্ড শ্লাম পূৰ্ণ কৰাৰ পথত আগবাঢ়িছে। আলকাৰাজে এই প্রথম অষ্ট্ৰেলিয়ান অ'পেনৰ ফাইনেলত প্ৰৱেশ কৰে। 

ইফালে, ডাবল ডিফেণ্ডিং চেম্পিয়ন য়ানিক ছিনাৰক ৩-৬, ৬-৩, ৪-৬, ৬-৪, ৬-৪ ব্যৱধানত হৰুৱাই ছাবিয়ান তাৰকা নোভাক জ'ক'ভিচে ফাইনেলত প্রৱেশ কৰে।

Share This