ডিজিটেল ডেস্ক : স্পেইনৰ কার্লোছ আলকাৰাজে প্ৰথমবাৰলৈ অষ্ট্ৰেলিয়ান অ'পেনৰ খিতাপ জয় কৰিলে। ছিজনৰ প্ৰথম গ্ৰেণ্ড শ্লামখনৰ দেওবাৰৰ ফাইনেলত ছাৰ্বিয়াৰ নোভাক জ'ক'ভিচক ২-৬, ৬-২, ৬-৩. ৭-৫ ব্যৱধানত হৰুৱাই বিশ্বৰ শীৰ্ষ ক্ৰমৰ আলকাৰাজে চেম্পিয়নৰ সন্মান লাভ কৰে।
আলকাৰাজে তেনেদৰেই চাৰিওখন গ্রেণ্ড শ্লামত খিতাপ জয় কৰা যুৱ খেলুৱৈত পৰিণত হয়। ২২ বছৰীয়া স্পেনিছ তাৰকাগৰাকীয়ে ১০বাৰৰ বিজয়ী জ'ক'ভিচক অভিলেখ সৃষ্টিকাৰী ২৫সংখ্যক গ্রেণ্ড শ্লাম খিতাপৰ পৰা বঞ্চিত কৰে।
উল্লেখযোগ্য যে যুৱ খেলুৱৈৰূপে কেৰিয়াৰ শ্লাম সম্পূৰ্ণ কৰা ডন বাজৰ ৰেকৰ্ড প্রায় ৮৮ বছৰ ধৰি অক্ষত আছিল। ডনে নিজৰ ২৩ বছৰীয়া জন্মদিনলৈ দুদিন বাকী থকা অৱস্থাত ১৯৩৮ চনত ফ্রেন্স অ'পেনৰ খিতাপ জিকিছিল। আনহাতে, আলকাৰাজে ২২ বছৰত কেৰিয়াৰ গ্ৰেণ্ড শ্লাম পূৰ কৰে।