কন্যাৰ সপোন ভৰিৰে গচকি হ’বলগীয়া জোঁৱাইৰ সৈতে পলাই গ’ল শাহু

Kakali Deka April 09, 2025

ডিজিটেল ডেস্কঃ এগৰাকী মহিলা আৰু এজন যুৱকে এনে কাম কৰিলে যে সকলোৱে ঘৃণাত নাক কোঁচাইছে। নিজৰ জীয়েকৰ হ’বলগীয়া স্বামীৰ প্ৰেমত পৰিল মহিলাগৰাকী আৰু জীয়েকৰ বিয়াৰ তাৰিখ ওচৰ চাপি অহাত তেওঁ হ’বলগীয়া জোঁৱাইৰ সৈতে ঘৰৰ পৰা পলাই যায়। তেওঁলোকৰ প্ৰেমৰ সংযোগৰ মাধ্যম আছিল এটা স্মাৰ্টফ'ন, যিটো হ’বলগীয়া জোঁৱায়েকে শাহুক উপহাৰ দিছিল। দুয়ো ঘণ্টা ঘণ্টা ধৰি ফ'নত কথা পাতিছিল।

আলিগড়ত ঘটিছে এই ঘটনা। জিতেন্দ্ৰ কুমাৰ নামৰ এজন ব্যক্তিয়ে থানাত এজাহাৰ দাখিল কৰিছে যে তেওঁৰ পত্নী আৰু তেওঁৰ কন্যাৰ হ'বলগীয়া দৰা বিয়াৰ পূৰ্বে ঘৰৰ পৰা পলাই গৈছে। আটাইতকৈ চাঞ্চল্যকৰ কথাটো হ’ল দুয়োজনে একেলগে পলাই গৈ ঘৰৰ পৰা প্ৰায় ৩.৫ লাখ টকা নগদ ধন আৰু প্ৰায় ৫ লাখ টকাৰ সোণ-ৰূপৰ গহনা লৈ যায়।

জিতেন্দ্ৰ কুমাৰে কয় যে তেওঁৰ কন্যাৰ বিবাহ ১৬ এপ্ৰিলত ঠিক কৰা হৈছিল। বিয়াৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছিল। আত্মীয়-স্বজনক নিমন্ত্ৰণ কাৰ্ড বিতৰণ কৰা হৈছিল আৰু ঘৰখনত বিয়াৰ পৰিৱেশ বিৰাজ কৰিছিল। কিন্তু হঠাৎ এদিন তেওঁৰ পত্নী ঘৰৰ পৰা নোহোৱা হৈ গ’ল। প্ৰথমতে সকলোৱে ভাবিছিল যে তেওঁ হয়তো কোনোবা আত্মীয়ৰ ঘৰলৈ গৈছিল, কিন্তু যেতিয়া তেওঁ বহু সময় ঘূৰি নাহিল, তেতিয়া বিচাৰিবলৈ আৰম্ভ হ’ল। ইফালে এই কথাও পোহৰলৈ আহিল যে কন্যাৰ সৈতে বিয়া ঠিক কৰা যুৱকজনো হঠাৎ নোহোৱা হ’ল ঘৰৰ পৰা। সন্দেহ আৰু অধিক গভীৰ হৈ পৰিল। অনুসন্ধান কৰি গম পোৱা গ'ল যে মহিলাগৰাকী যুৱকজনৰ সৈতে পলাই গৈছে।

ঘটনা অনুসৰি মহিলাগৰাকীৰ হ’বলগীয়া জোঁৱায়েকে তেওঁক এটা দামী স্মাৰ্টফ'ন উপহাৰ দিছিল আৰু সেই ফ'নৰ জৰিয়তে দুয়ো দিনে-নিশাই যোগাযোগত আছিল। জিতেন্দ্ৰ কুমাৰে ক'লে, মই বেংগালুৰুত কাম কৰোঁ আৰু এমাহ বা দুমাহত এবাৰ ঘৰলৈ আহোঁ। যোৱাবাৰ আহি দেখিলোঁ মোৰ ছোৱালীজনীৰ বিয়া ঠিক হোৱা ল’ৰাটোৰ লগত মোৰ পত্নীয়ে অত্যধিক কথা পাতিছে। প্ৰথম অৱস্থাত মই আওকাণ কৰিলোঁ। কিন্তু যেতিয়া গম পালোঁ ল’ৰাটোৱে মোৰ পত্নীৰ লগত ঘণ্টা ঘণ্টা ধৰি বাৰ্তালাপ কৰে আৰু ছোৱালীজনীৰ সৈতে কেতিয়াবাহে কথা পাতে তেতিয়া মোৰ বহুত আচৰিত লাগিছিল। 

জিতেন্দ্ৰ কুমাৰে কয় যে ঘৰত নগদ ৩.৫ লাখ টকা আৰু প্ৰায় ৫ লাখ টকাৰ গহনা আছিল। যিবোৰ বিয়াত ব্যৱহাৰ কৰিবলগীয়া আছিল। কিন্তু এতিয়া সকলো শেষ হৈ গ’ল। মোৰ ছোৱালীজনীৰ বিয়া ভাঙি গ’ল, মোৰ সন্মানো শেষ হৈ গ’ল।

কন্যা শিৱানীয়ে কয় যে মায়ে মোৰ বিয়া ভাঙিলে। সেই ল’ৰাটোৱে মোৰ লগত কথাও পতা নাছিল, যেতিয়াই মই তেওঁক কিবা সুধিছিলোঁ তেতিয়াই তেওঁ কৈছিল যে তেওঁ বিয়াৰ প্ৰস্তুতিত ব্যস্ত হৈ আছে। পিছত বুজিলোঁ যে সি মাৰ লগত দিনে-নিশাই কথা পাতিছিল। মায়ে আমাৰ ঘৰৰ পৰা সকলো বস্তু লৈ গুচি গ'ল। এতিয়া তেওঁ জীয়াই থাকক বা মৰি যাওক, তাত আমি গুৰুত্ব নিদিওঁ। আমি মাত্ৰ আমাৰ বস্তুবোৰ ঘূৰাই বিচাৰোঁ।


এই সমগ্ৰ গোচৰত নিৰুদ্দেশ হোৱা মহিলাগৰাকীৰ নাম মাদ্ৰাক থানাত পঞ্জীয়ন কৰি আৰক্ষীয়ে তেওঁক বিচাৰিবলৈ আৰম্ভ কৰিছে। আৰক্ষীয়ে জনোৱা মতে, এই গোচৰটো অত্যন্ত স্পৰ্শকাতৰ আৰু ইয়াত প্ৰৱঞ্চনা, আস্থা ভংগ, সম্পত্তি চুৰি আদি গুৰুতৰ দিশ জড়িত হৈ আছে। আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই কয় যে অভিযোগ পোৱাৰ লগে লগে আমি মহিলাগৰাকী আৰু যুৱকজনক বিচাৰিবলৈ আৰম্ভ কৰিলোঁ। ম'বাইলৰ স্থান আৰু চি চি টিভিৰ ফুটেজৰ তদন্ত চলি আছে। পৰিয়ালে দিয়া বক্তব্যৰ ভিত্তিত ধাৰা সংযোজন কৰা হৈছে।

 

 

উৎস প্ৰাগ নিউজ ডিজিটেল

Share This