ডিজিটেল ডেস্ক : যোৱা ২২ এপ্রিলত জম্মূ-কাশ্মীৰ পহলগামত হোৱা সন্ত্রাসবাদীৰ আক্ৰমণত ২৬জন পর্যটকৰ মৃত্যু হৈছিল আৰু ইয়াৰ ভিতৰত এজন কাশ্মীৰী মুছলমান ঘোঁৰাচালকো আছিল। সন্ত্রাসবাদীৰ আক্ৰমণটো সংঘটিত হোৱাৰ কেইঘণ্টামানৰ পাছতেই সামাজিক মাধ্যমৰ প্লেটফর্মমূহত 'অল আইজ অন পহলগাম' বুলি এটা বাক্য প্ৰচাৰ হৈছিল।
ইনষ্টাগ্ৰাম আৰু এক্সতো এই বাক্যষাৰ ভাইৰেল হৈ পৰিছিল। সন্ত্রাসবাদীৰ আক্ৰমণৰ পাছত বিধ্বস্ত হৈ পৰা পহলগামৰ বেছৰন উপত্যকাটোৰ ছবি সন্নিবিষ্ট কৰি ভুক্তভোগী লোকসকলৰ বাবে ন্যায় আৰু শান্তি বিচাৰি এই বাক্যষাৰ প্ৰচাৰ কৰিছে বিভিন্নজনে।
উল্লেখযোগ্য যে গাজাত চলি থকা যুদ্ধৰ পৰিপ্ৰেক্ষিতত ৰাফাহ অঞ্চলত হোৱা মানৱতাৰ সংকটৰ বাবে ২০২৪ চনত 'অনুরূপ ধৰণে এই বাক্যষাৰ অল আইজ অন বাফাহ' বুলি সামাজিক মাধ্যমত ব্যাপকভাৱে প্রচাৰ হৈছিল যাতে এই মানৱতাৰ সংকটৰ প্রতি বিশ্ব সমুদায়ব দৃষ্টি নিবদ্ধ কৰিব পাৰে।