দেশৰ সকলো উচ্চ ন্যায়ালয়ক অনলাইন শুনানি ল'বলৈ আহ্বান

dainik janambhumi May 22, 2026

ডিজিটেল ডেস্ক : পশ্চিম এছিয়াৰ যুদ্ধ-উত্তেজনাৰ পাছত দেশত সৃষ্টি হোৱা ইন্ধন সংকটৰ ফলত উচ্চতম ন্যায়ালয়ে দেশৰ সমগ্র উচ্চ ন্যায়ালয়সমূহক অনলাইন শুনানি প্রক্রিয়া চলাবলৈ আহ্বান জনাইছে। অৱশ্যে, অধিকাংশ উচ্চ ন্যায়ালয়ে ইয়াৰ কৰ্মচাৰীসকলক আংশিক ৱৰ্ক ফ্রম হ'মৰ নিৰ্দেশ দিছে। 

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্য কান্তে বৃহস্পতিবাৰে এই আহ্বান জনাই কয় যে তেওঁ ইতিমধ্যে দেশৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশসকলক অনলাইন শুনানি ল'বলৈ অনুৰোধ কৰিছে। দিল্লীৰ সকলো আদালততে অনলাইন শুনানি বিচাৰি এগৰাকী অধিবক্তাই জনোৱা আৱেদনৰ পাছতে মুখ্য ন্যায়াধীশে এই আহ্বান জনায়। এই ক্ষেত্ৰত দেশৰ অধিবক্তা সমাজ আৰু বিচাৰপীঠসমূহে স্বেচ্ছাই এই অনলাইন ব্যৱস্থা ৰূপায়ণ কৰাৰ দিশত আগবাঢ়িছে বুলি মুখ্য ন্যায়াধীশ সূর্য কান্তে কয়। 

উল্লেখযোগ্য যে যোৱা ১৫ মে'ত সর্বোচ্চ আদালতে সোমবাৰ আৰু শুকুৰবাৰে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে গোচৰৰ শুনানি লোৱাৰ সিদ্ধান্ত লৈছিল। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ইন্ধনৰ ব্যৱহাৰ হ্ৰাসৰ আহ্বানৰ পাছতেই উচ্চতম ন্যায়ালয়ে এই সিদ্ধান্ত লৈছিল।

Share This