ডিজিটেল ডেস্ক : উচ্চতম ন্যায়ালয়ে মঙলবাৰে উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ কাঁৱৰ যাত্ৰা পথত থকা সকলো হোটেলৰ স্বত্বাধিকাৰীক তেওঁলোকৰ অনুজ্ঞাপত্ৰ আৰু পঞ্জীয়নৰ প্ৰমাণ-পত্ৰ আঁৰি থ'বলৈ নির্দেশ দিয়ে। ন্যায়াধীশ এম এম সুন্দৰেশ আৰু এন কটিশ্বৰ সিঙৰ এখন বিচাৰপীঠে কয় যে যিহেতু মঙলবাৰ কাঁৱৰ যাত্ৰাৰ শেষৰটো দিন সেয়েহে হোটেল/ধাবাৰ স্বত্বাধিকাৰীৰ নাম আৰু কিউ আৰ কোড প্ৰদৰ্শনকে ধৰি অন্য বিষয়সমূহত কোনো নির্দেশ নিদিয়ে।
পীঠখনে শুনানিৰ সময়ত কয় যে এই বিষয়টোত ভৱিষ্যতে সমাধান লাভ কৰিব পাৰি বুলি আশা কৰিব পাৰি। যোৱা বছৰ উচ্চতম ন্যায়ালয়ে কাঁৱৰ যাত্রা পথত থকা খাদ্য সামগ্ৰীৰ দোকানসমূহক তেওঁলোকৰ স্বত্বাধিকাৰীৰ নাম, কৰ্মচাৰীৰ নাম আঁৰি থ'বলৈ উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু মধ্য প্রদেশ চৰকাৰে দিয়া নিৰ্দেশত স্থগিতাদেশ জাৰি কৰিছিল। ইফালে, দিল্লীত চলি থকা কাঁৱৰ যাত্ৰাৰ সময়তে বিভিন্ন অঞ্চলৰ বাসিন্দাই উচ্চ প্রাবল্যৰ শব্দ, যান-বাহন আইন ভংগ আৰু নিদ্রাহীনতাৰ সন্দৰ্ভত আৰক্ষীৰ ওচৰত প্ৰায় ২০০ অভিযোগ দাখিল কৰিছে। দক্ষিণ, দক্ষিণ-পূব, পূব আৰু দক্ষিণ-পশ্চিম দিল্লীৰ মাজেৰে ট্ৰাকত যাত্রা কৰা তীর্থযাত্ৰীয়ে উচ্চস্তৰত সংগীত বজোৱাই নিউ ফ্রেইণ্ডছ কলনি, মহাৰাণী বাঘ আৰু আশ্রমকে ধৰি বিভিন্ন অঞ্চলৰ বাসিন্দাৰ মাজত নৈৰাজ্যৰ সৃষ্টি কৰিছে। দিল্লী আৰক্ষীয়ে কয় যে কিছুমান অঞ্চলত এনে অভিযোগ দৈনিক ১০টাকৈ আহিছে।