ডিজিটেল ডেস্ক : ৰাহুল গান্ধীয়ে দাখিল কৰা এখন আৱেদন বাকী এলাহাবাদ উচ্চ ন্যায়ালয়ে খাৰিজ কৰে। বীৰ সাৱৰকাৰৰ মানহানিৰ গোচৰত লক্ষ্ণৌৰ সত্ৰ আদালতে চমন জাৰি কৰা তথা ২০০ টকাৰ জৰিমনা বিহাৰ বিৰুদ্ধে ২ এপ্রিলত গান্ধীয়ে উচ্চ ন্যায়ালয়ত প্রত্যাহ্বান জনাইছিল।
উচ্চ ন্যায়ালয়ে তেওঁক বৈকল্পিক উপায় (অল্টাৰনেট ৰিমেডি) ল'বলৈ পৰামৰ্শ দি লক্ষ্ণৌ সত্ৰ আদালতৰ দ্বাৰস্থ হ'বলৈ কয়। ৰাহুল গান্ধী কেইবাবাৰো উপস্থিত নথকা বাবে লক্ষ্ণৌৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে যোৱা ৩ মাৰ্চত ৰাহুল গান্ধীক ২০০ টকাৰ জৰিমনা বিহিছিল।
আদালতে তেওঁক সতর্ক কৰি দিছিল যে তেওঁ ১৪ এপ্রিলত আদালতত উপস্থিত থাকিব লাগিব, অন্যথা আদালতে কঠোৰ আইনী ব্যৱস্থা গ্রহণ কৰিব।