ডিজিটেল ডেস্ক : আজি অভিনেতা আল্লু অৰ্জুনৰ জন্মদিন । অগণন অনুৰাগীয়ে এই বিশেষ দিনটোত তেওঁক জনাইছে জন্মদিনৰ শুভেচ্ছা । বিশেষ দিনটোত অভিনেতাগৰাকীয়ে অনুৰাগীলৈ আগবঢ়ালে ৰিটাৰ্ণ গিফ্ট৷
আইকনিক তাৰকা আল্লু আৰু এটলীয়ে এটা নতুন প্ৰজেক্ট আৰম্ভ কৰিবলৈ ওলাইছে । ছান পিকচাৰ্ছ প্ৰডাকচন কোম্পানীৰ বেনাৰত এই প্ৰজেক্টো নিৰ্মাণ হ’ব । ভিডিঅ’টোত দেখা গৈছে যে ভাৰতত চলচ্চিত্ৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত দুয়োগৰাকী তাৰকা বিদেশলৈ উৰা মাৰিছে ।
দুই তাৰকাক দেখা গৈছে লোলা ভিএফএক্সৰ কাৰ্যালয়ত । আল্লু-এটলীয়ে লছ এঞ্জেলছৰ স্পেকট্যকুলাৰ মোশ্যন, ফ্ৰেক্টৰেড এফ এক্স, আই এল এম টেকন’প্ৰপছ, আইৰন হেড ষ্টুডিঅ’ ভ্ৰমণ কৰে । ইয়াৰ পিছত তেওঁলোকে আইৰন হেড ষ্টুডিঅ’ৰ চিইঅ’ জোছ ফাৰ্ণাণ্ডেজৰ সৈতে সাক্ষাৎ কৰে ।
ভিএফএক্সৰ তত্ত্বাৱধায়ক জেমছ মেডিগানে কয়, "মই এই ছবিখনৰ চিত্ৰনাট্য পঢ়িলো । এটাই কথা ক'ম, এই চিত্ৰনাট্যই মোৰ মনটো উৰুৱাই নিলে ।" স্পেকট্যকুলাৰ মোশ্যনৰ কলাত্মক পৰিচালক মাইকে কয় যে তেওঁ কেতিয়াও এনেকুৱা চিত্ৰনাট্য আগতে পঢ়া নাই । এই ছবিখনৰ বাবে তেওঁৰ সৃষ্টি শ্ৰেষ্ঠ হ’ব । দৰাচলতে চিত্ৰনাট্য শুনাৰ পাছত সকলোৱে স্বীকাৰ কৰিছিল যে চিনেমা জগতৰ এনে দৃষ্টিভংগী আগতে কোনেও শুনা নাই ।
ভিডিঅ’টোত আল্লু-এটলীয়ে বিশ্বৰ জনপ্ৰিয় ছুপাৰহিৰো চৰিত্ৰ বেটমেন আৰু স্পাইডাৰমেনৰ মাস্ক পিন্ধা দেখা গৈছে । ইয়াৰ পিছত আধুনিক সঁজুলি ব্যৱহাৰ কৰি অভিনেতাৰ মুখখন স্কেন কৰা হয় । একশ্যন অৱতাৰত অভিনয় কৰিবলৈ সাজু হৈছে আল্লু অৰ্জুন ।
এইখন আল্লু অৰ্জুনৰ ২২ সংখ্যক আৰু এটলীৰ ষষ্ঠখন ছবি, সেয়েহে নিৰ্মাতাসকলে ‘AA22-A6’ হেচটেগটো শ্বেয়াৰ কৰিছে। কেপচনত লিখিছে , ‘এটা ল্যাণ্ডমাৰ্ক চিনেমাৰ বাবে সাজু হওক। নেটিজেনসকলৰ মতে, ‘পুষ্পা’ৰ সফলতাৰ পিছত আল্লুৰ কেৰিয়াৰত এইখন কল্পবিজ্ঞানভিত্তিক ছবিখন এক ডাঙৰ টাৰ্নিং পইণ্ট হ’বলৈ গৈ আছে।