হোৱাটছএপৰ জৰিয়তে আলফা (স্বাঃ)ৰ ধন দাবী-পত্র, বৃহৎ পৰিমাণৰ ধন সংগ্ৰহৰ লক্ষ্যৰে নাহৰকটীয়াত অভিযান

dainik janambhumi February 10, 2026

ডিজিটেল ডেস্ক : যি সময়ত অসম আৰক্ষীয়ে আলফা (স্বাধীন) ৰ শক্তি আৰু প্ৰভাৱ নাইকিয়া হৈ আহিছে বুলি দাবী কৰি আহিছে, তেনে সময়তে ডিব্রুগড় জিলাৰ নাহৰকটীয়াত নিষিদ্ধ সংগঠনটোৱে অঞ্চলটোৰ বহুকেইজন ব্যৱসায়ীক পত্ৰ প্ৰেৰণেৰে বৃহৎ পৰিমাণৰ ধন দাবী কৰা ঘটনাই সমগ্ৰ অঞ্চলটোৰ ব্যৱসায়ীসকলৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে সাংবাদিকৰ হাতত পৰা এক তথ্য অনুসৰি চলিত ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে নাহৰকটীয়াৰ বহুসংখ্যক ব্যৱসায়ী তথা ঠিকাদাৰলৈ ৯১৭০৮৫৭৭২২৪৩ নম্বৰৰ পৰা তেওঁলোকৰ হোৱাটছএপ নম্বৰলৈ প্ৰেৰণ কৰা তথা আলফা (স্বাধীন)ৰ কেন্দ্ৰীয় সমিতিৰ বিত্ত সম্পাদক লেফটনেন্টে জেনেৰেল মাইকেল অসমে স্বাক্ষৰ কৰা তথা সহঃ বিত্ত সম্পাদক নির্ণয় অসমে প্ৰেৰণ কৰা এই ধন দাবী পত্রসমূহত সংগঠনটোৰ বিত্তীয় পুঁজি টনকিয়াল কৰাৰ লগতে তেওঁলোকৰ সন্মিলিত সশস্ত্র স্বাধীনতা বিপ্লৱখন আগুৱাই নিবলৈ প্রতিজন ব্যৱসায়ী তথা তেওঁলোকৰ বিত্তীয় প্রতিষ্ঠানসমূহৰ পৰা ৮০ লাখকৈ টকা বৰঙনি বিচাৰিছে। একেদৰে একেটা নম্বৰৰ পৰাই আলফাৰ সহকাৰী প্ৰচাৰ সচিব ৰূপে পৰিচিত ঈশান অসমে কেইবাজনো ব্যৱসায়ীক ফ'নযোগে যোগাযোগ কৰি পত্ৰখন লাভকৰা-নকৰাৰ নিশ্চিত কৰিছে যাৰ ফলত ব্যৱসায়ীসকল অধিক আতংকিত হৈ পৰে। লক্ষণীয় কথা যে এই ঘটনাৰ ফলত স্বাভাৱিকতে নিৰাপত্তাহীনতাত ভোগা ব্যৱসায়ীসকলৰ একাংশই ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে যদিও কিছুসংখ্যক ব্যৱসায়ীয়ে এই তথ্য প্রকাশ নকৰাত এই প্ৰকৃততে কিমান সংখ্যক ব্যৱসায়ীলৈ আলফা স্বাধীনে এই পত্ৰ প্ৰেৰণ কৰিছে সেয়া এতিয়াও নিশ্চিত হ'ব পৰা নাই। তথাপি অঞ্চলটোৰ ৫জনৰো অধিক ব্যৱসায়ীলৈ এই পত্ৰ অহাৰ তথ্য ইতিমধ্যে নিশ্চিত হৈছে।

লক্ষণীয় কথা যে একাংশ ব্যৱসায়ী তথা ঠিকাদাৰে আলফা স্বাধীনৰ এই পত্ৰৰ বিষয়ে আৰক্ষীক যোগাযোগ কৰা সন্দৰ্ভত পুনৰ সংগঠনটোৱে হোৱাটছএপ মেছেজযোগে এইক্ষেত্রত অসন্তুষ্টি প্রকাশ কৰি সংগঠনটোৰ সৈতে তেওঁলোকে কৰা এই আচৰণ গ্রহণযোগ্য নহয় বুলি তেওঁলোকক পুনৰ সকীয়াই দিয়াত ব্যৱসায়ীসকলৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। বিশেষকৈ এয়া প্রকৃততেই আলফা স্বাধীনৰ পত্ৰ নে তেওঁলোকৰ নাম লৈ কোনো দুষ্ট চক্রই এনে কাণ্ড কৰি আছে সেয়া এই পর্যন্ত নিশ্চিত নোহোৱাত সম্প্ৰতি চহৰখনৰ ব্যৱসায়ীসকলৰ মাজত এক চেপা উত্তেজনাই বিৰাজ কৰি আছে।

Share This