ডিজিটেল ডেস্ক : গুৱাহাটী উচ্চ ন্যায়ালয়ে আমবাৰী-দীঘলীপুখুৰী পাৰৰ গছ কটাত নিষেধাজ্ঞা জাৰি কৰাৰ পাছতো চৰকাৰে সেই নির্দেশক অংগুষ্ঠ প্রদর্শন কৰি গছ কটাৰ প্ৰতিবাদ কৰিবলৈ ওলাই অহা বিভিন্ন দল-সংগঠন আৰু প্রকৃতিপ্রেমীক আৰক্ষীয়ে আটক কৰাক লৈ তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক অংগুষ্ঠ দেখুৱাই শুকুৰবাৰে নিশা দীঘলীপুখুৰী আৰু আমবাৰীৰ সমীপত থকা কেইবাজোপাও গছ কাটি পেলালে প্রশাসনে। নুনমাটি আৰু ৰিজার্ভ বেংক সংযোগী নির্মীয়মাণ ফ্লাই অ'ভাৰ নিৰ্মাণৰ বাবেই এই গছসমূহ কটা হৈছে। ইফালে গছ কটাৰ কথা বিয়পি পৰাৰ পাছতে সেই কার্যক বাধা দিবলৈ যোৱা বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি, প্রকৃতিপ্রেমী ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীক আটক কৰি লৈ যায় লতাশিল আৰক্ষীয়ে।
আৰক্ষীয়ে মুঠ ৯গৰাকী প্রতিবাদকাৰীক আটক কৰি থানাত আবদ্ধ কৰি ৰাখে। আৰক্ষীয়ে গছকটা কাৰ্যক বাধা দিবলৈ যোৱা নিৰংকুশ নাথ, উৎপলা দাস, ৰাজদ্বীপ মহন্ত, দেৱব্ৰত শইকীয়া, নৌচাদ ৰাছিদ, আলোক নৰহ, অনিন্দিতা দাস, অংকুমান বৰদলৈ, দ্বীপশ্বেখৰ কলিতাক ধৰি লৈ যায়। তেওঁলোকক ওৰে নিশা লতাশিল আৰু পাণবজাৰ মহিলা থানাত আটক কৰি ৰাখে। অৱশ্যে তেওঁলোকক শনিবাৰে পুৱা প্রায় ৬ বজাত মুকলি কৰি দিয়া হয়। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰাজহুৱা স্বার্থজড়িত গোচৰত (পি আই এল) এই গছসমূহ নাকাটিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল।
ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত ফ্লাই অ'ভাৰ নিৰ্মাণৰ বাবে গছ কটা নহয় বুলিও ন্যায়ালয়ত শপতনামা দাখিল কৰিছিল অসম চৰকাৰে। গছ কটাৰ পৰিৱৰ্তে বিকল্প পদ্ধতিৰে গছসমূহ স্থানান্তৰ কৰিব বুলি আৰু এই কাম কৰিবলৈ ইতিমধ্যে এটা প্রতিষ্ঠানক ঠিকা আবণ্টন দিয়া বুলিও চৰকাৰে শেহতীয়াকৈ আদালতত শপতনামা দাখিল কৰিছিল। আনহাতে ট্রান্সলোকেটৰ নামত কেইবাজোপাও গছ ইতিমধ্যে প্রশাসনে কাটি পেলোৱা বুলি অভিযোগ উঠিছে।প্রকৃতিপ্রেমীসকলে দাবী কৰে যে ট্রান্সলোকেটৰ বাবে অবৈজ্ঞানিক পদ্ধতিৰে গছসমূহ উঠাই নিয়া হৈছে। ডাল-পাত সকলো কাটি কেৱল গা গছডাল নি অন্য ঠাইত ৰোপণ কৰিলে গছসমূহ বাচি নাথাকে বুলিও দাবী কৰিছে প্রকৃতিপ্রেমীসকলে।