আমেৰিকাত সোণৰ হেটত্রিক ৰিম্পী বুঢ়াগোহাঁইৰ

dainik janambhumi July 07, 2025

ডিজিটেল ডেস্ক : আমেৰিকাৰ আলাবামাৰ বার্মিংহামত অনুষ্ঠিত ৱৰ্ল্ড পুলিচ এণ্ড ফায়াৰ গেমছত অসম কন্যা ৰিম্পী বুঢ়াগোহাঁয়ে তৃতীয়টো সোণৰ পদক জয় কৰে। শিৱসাগৰ জিলাৰ বকতাৰ ৰিম্পীয়ে লং জাম্প আৰু ট্রিপল্ জাম্পৰ পাছত দেওবাৰে ৰীলে দৌৰত সোণৰ পদক জয় কৰি স্বৰ্ণ পদকৰ হেটত্ৰিক অৰ্জন কৰে।

বকতাৰ পুনিবিল গাঁৱৰ ভৰত বুঢ়াগোহাঁই আৰু নিকুঞ্জ বুঢ়াগোহাঁইৰ কন্যা ৰিম্পীয়ে অসম ৰাইফলৰ হৈ প্রতিযোগিতাত অংশগ্রহণ কৰে। তেওঁৰ এই সাফল্যই জিলাখনৰ লগতে ৰাজ্যখনকো গৌৰৱান্বিত কৰিছে।

Share This