এটা সময় আহিব ভাৰতীয়ই ইংৰাজী ক'বলৈ লাজ পাব : অমিত শ্বাহ

dainik janambhumi June 22, 2025

ডিজিটেল ডেস্কঃ কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে বৃহস্পতিবাৰে কয় যে অতি সোনকালে এনেকুৱা এটা সময় আহিব, তেতিয়া দেশৰ লোকে ইংৰাজী ভাষা ক'বলৈ লাজ অনুভৱ কৰিব। অমিত শ্বাহে নতুন দিল্লীত এখন গ্রন্থ উন্মোচনী অনুষ্ঠানত ভাষণ দি এইদৰে কয়। শ্বাহে কয় যে যিসকলে ভাৰতীয় ভাষাসমূহ ক'বলৈ ইচ্ছা নকৰে, তেওঁলোক সম্পূর্ণ ভাৰতীয় নহয়। 'বিদেশী ভাষা'ৰ জৰিয়তে ভাৰতক বুজিব নোৱাৰি বুলি শ্বাহে মন্তব্য কৰে। তেওঁ কয় যে আমাৰ দেশৰ ভাষাসমূহ আমাৰ সংস্কৃতিৰ অলংকাৰ।

আমাৰ ভাষাসমূহৰ অবিহনে আমি সম্পূর্ণ ভাৰতীয় নহওঁ। আই এ এছ বিষয়া আশুতোষ অগ্নিহোত্রিয়ে ৰচনা কৰা এখন গ্রন্থ উন্মোচন কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে ভাৰতীয় ভাষাসমূহৰ বিষয়ত এইদৰে কয়। ইফালে কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে ইৰাংজী ভাষাৰ বিষয়ত দিয়া মন্তব্যৰ পাছতে শুকুৰবাৰে লোক সভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে কয় যে ইংৰাজী ভাষা জনাটো লাজৰ কথা নহয়, ইয়ে শক্তিহে প্ৰদান কৰে। ৰাহুলে কয় যে ইংৰাজী ভাষাই এজন লোকক সবলীকৰণ কৰে।

ইৰাজী ভাষা জনাটো লজ্জাজনক নহয় আৰু এইটো সকলো শিশুকে শিকোৱা উচিত। আৰ এছ এছ আৰু বিজেপিয়ে গৰিব শিশুসকলে ইংৰাজী শিকাটো নিবিচাৰে। সেই শিশুসকলে যাতে তেওঁলোকক প্রশ্ন সুধিব নোৱাৰে, সেইবাবেই এই শিশুসকলে ইংৰাজী শিকাটো নিবিচাৰে আৰ এছ এছ-বিজেপিয়ে। ইংৰাজী হৈছে আন্তঃৰাষ্ট্ৰীয় মাধ্যমৰ সৈতে যোগাযোগৰ ভাষা, ৰাহুলে মন্তব্য কৰে।

Share This