ডিজিটেল ডেস্ক: নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ নিৰ্বাচনী বতাহো ক্ৰমাৎ গৰম হ'বলৈ ধৰিছে। আজিৰ পৰা ৰাজ্যলৈ আগমন ঘটিব এজনৰ পাছত এজনকৈ ৰাষ্ট্ৰীয় দলসমূহৰ হেভিৱেট নেতাৰ।
আজি কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহে বিয়লি গুৱাহাটীত এক বিশাল ৰোড শ্ব'ত অংশগ্রহণ কৰিব। মহানগৰীৰ আৰ্য বিদ্যাপীঠ খেলপথাৰৰ পৰা নেপালী মন্দিৰলৈ অনুষ্ঠিত হ'ব লগীয়া এই ৰোড শ্ব'ৰ বাবে ৰাজ্যিক বিজেপিয়ে ইতিমধ্যে বিশেষ আয়োজন কৰিছে। ইফালে ৰোড শ্ব'ৰ পাছত কেন্দ্রীয় মন্ত্ৰীগৰাকী ৰাজ্যিক বিজেপিৰ শীর্ষ নেতাসকলৰ সৈতে এখন বৈঠকত মিলিত হ'ব।
হোটেল তাজ ভিভান্টাত অনুষ্ঠিত হ'ব লগীয়া এই বৈঠকত কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে নিৰ্বাচনত জয়ী হোৱাৰ বাবে ৰাজ্যিক বিজেপিৰ নেতাসকলক মন্ত্রণা দিব। উক্ত বৈঠকত নিশ্চিতভাৱে অংশ গ্রহণ কৰাৰ বাবে ৰাজ্যিক বিজেপিৰ সকলো শীর্ষ নেতাকে নির্দেশ দিয়া হৈছে। আনহাতে, আজিৰ দিনটো গুৱাহাটীত কটাই দেওবাৰে তেওঁ ঢেকীয়াজুলি আৰু নলবাৰীত দুখনকৈ জনসভাত অংশ গ্রহণ কৰিব।
ইফালে ২৯ মাৰ্চৰ দিনা নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খৰ্গে। লখিমপুৰৰ নাওবৈচাত তেওঁ এখন বিশাল জনসভাত অংশগ্রহণ কৰিব। খৰ্গেৰ এই আগমনৰ পাছতেই দলৰ শীর্ষ নেতা ৰাহুল গান্ধী আৰু প্রিয়ংকা গান্ধীও অসমলৈ অহাৰ কথা আছে। বিজেপিৰ এটা সূত্ৰই প্ৰকাশ কৰা মতে, অহা ৩১ মাৰ্চৰ দিনা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে তেজপুৰ আৰু দেৰগাঁৱত প্ৰচাৰ চলাবলৈ আহিব। সেই দিনাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নৱিছেও যোৰহাট আৰু ডিব্ৰুগড়ত দুখনকৈ জনসভাত অংশগ্রহণ কৰিব।
উল্লেখযোগ্য যে খোদ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ো অসমত নির্বাচনী প্ৰচাৰ চলাবলৈ আহিব। তেওঁ অহা ১ এপ্রিল, ৫ এপ্রিল আৰু ৬ এপ্ৰিলত নির্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ সম্ভাৱনা আছে।