কমনৱেল্‌থ, এছিয়ান গেমছলৈ প্রস্তুতি অসম সন্তান অম্লানৰ

dainik janambhumi February 20, 2026

ডিজিটেল ডেস্ক : চলিত বর্ষত গ্লাছগোত অনুস্থিতব্য কমনৱেল্‌থ গেমছ আৰু জাপানৰ নাগোয়াত হ'বলগীয়া এছিয়ান গেমছলৈ ভাৰতীয় এথলেটিক্‌ছ দলৰ প্রস্তুতি পূর্ণগতিত চলি আছে। মুম্বাইত ভাৰতৰ ৪×১০০ মিটাৰ ৰীলে দলটোৰ প্ৰস্তুতি শিবিৰত আছে ভাৰতৰ দ্রুত মানৱ খ্যাত অসম সন্তান অম্লান বৰগোহাঁইসহ দেশৰ আগশাৰীৰ আঠগৰাকী স্প্রিন্টাৰ। 

১০০ আৰু ২০০ মিটাৰ দৌৰত দেশৰ পূৰ্বৰ ৰেক'ৰ্ডধাৰী তথা ৰাষ্ট্ৰীয় চেম্পিয়ন অম্লান বৰগোহাঁয়ে বিশ্বৰ অন্যতম আগশাৰীৰ প্ৰতিযোগিতা দুখনৰ পূর্বে অহা ২৮ মার্চত চণ্ডীগড়ত হ'বলগীয়া ৰীলে কার্নিভেললৈ কঠোৰ অনুশীলনত ব্ৰতী হৈছে। 

ব্রিটিছ প্রশিক্ষক জেমছ হিলাৰৰ অধীনত আগন্তুক বিশ্ব ৰীলেৰ বাবে মুম্বাইত প্রস্তুতি চলাই থকা ভাৰতীয় দলটোত অম্লানৰ সৈতে আছে মণিকান্ত হোবলিধৰ, গুৰিন্দৰবীৰ সিং আৰু অনিমেষ কুজুৰ। উল্লেখযোগ্য যে যোৱাবছৰ ৪×১০০ মিটাৰ ৰীলেত ৩৮.৬৯ ছেকেণ্ড সময়লৈ ১৫ বছৰৰ পুৰণি ৰাষ্ট্ৰীয় ৰেক'ৰ্ড ভংগ কৰিছিল তেওঁলোকে।

Share This