ডিজিটেল ডেস্ক : ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত তিনি বছৰ ধৰি বন্দী হৈ থকাৰ পাছত আজি পঞ্জাবৰ খডুৰ চাহিব লোক সভা সমষ্টিৰ সাংসদ তথা 'ৱাৰিছ পঞ্জাব দে'ৰ মুৰব্বী অমৃতপাল সিঙক আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এন এছ এ)ৰ অধীনত তেওঁৰ জিম্মাৰ ম্যাদ শেষ হোৱাৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপ গ্রহণ কৰা হ'ব। ২০২৩ চনৰ ফেব্ৰুৱাৰীত সংঘটিত আজনালা আৰক্ষী থানা আক্ৰমণৰ গোচৰত এই গ্ৰেপ্তাৰ সম্পন্ন কৰিবলৈ এজন উপ-আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াৰ নেতৃত্বত অমৃতসৰ (গ্রাম্য) পঞ্জাব আৰক্ষীৰ এটা দল ১৯ এপ্ৰিলৰ পৰাই ডিব্ৰুগড়ত বাহৰ পাতি আছে।
উল্লেখযোগ্য যে এই গোচৰটো তেওঁৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ আটকৰ বাবেই আইনী জটিলতাত আবদ্ধ হৈ আছিল। ২০২৩ চনৰ ২৩ এপ্ৰিলত পঞ্জাবৰ মোগা জিলাৰ পৰা অমৃতপালক প্ৰথমবাৰৰ বাবে জিম্মাত লোৱা হৈছিল। ইয়াৰ প্ৰায় দুমাহ পূৰ্বে তেওঁ আৰু তেওঁৰ সশস্ত্র সমর্থকসকলে অমৃতসৰৰ উপকণ্ঠৰ আজনালা আৰক্ষী থানাৰ বেৰিকেড ভাঙি ভিতৰত প্ৰৱেশ কৰি এজন সহযোগীক মুকলি কৰি আনিবলৈ আৰক্ষীৰ সৈতে সংঘাতত লিপ্ত হৈছিল। তেতিয়াৰে পৰা তেওঁক পঞ্জাবৰ পৰা হাজাৰ হাজাৰ কিল'মিটাৰ নিলগত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত উচ্চ নিৰাপত্তাৰ মাজত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ৰখা হৈছে। পঞ্জাব চৰকাৰে আইন-শৃংখলাৰ গুৰুতৰ পৰিস্থিতিৰ দোহাই দি তেওঁক অসমত ৰখাৰ যুক্তি দর্শাইছিল। যোৱা সপ্তাহত পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে অমৃতপালক এন এছ এ আটকৰ ম্যাদ শেষ হোৱাৰ পাছত আজনালা গোচৰত আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰিবলৈ আৰু তাৰ পাছতো তেওঁক ডিব্ৰুগড় কাৰাগাৰতে ৰাখিবলৈ পঞ্জাব চৰকাৰৰ আৱেদনত অনুমোদন জনাইছে। ন্যায়ালয়ে আৰক্ষী আৰু ন্যায়িক জিম্মাকে ধৰি বিচাৰ প্ৰক্ৰিয়াৰ সকলো কাম-কাজ ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে পৰিচালনা কৰিবলৈ অনুমতি দিছে, যাতে অমৃতপালক পঞ্জাবলৈ নিয়াৰ পৰিৱৰ্তে তাৰ পৰাই নিজৰ পক্ষ সমর্থন কৰিব পাৰে। এই গোচৰটো পৰ্যবেক্ষণ কৰি থকা এজন বিষয়াই কয়, 'আনুষ্ঠানিক গ্ৰেপ্তাৰৰ পাছতো অমৃতপাল সিং ডিব্ৰুগড় কাৰাগাৰতে বন্দী হৈ থাকিব। এই গ্রেপ্তাৰে আজনালা আৰক্ষী থানা আক্ৰমণৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পথ প্রশস্ত কৰিব, য'ত তেওঁ মুখ্য অভিযুক্ত। ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰা-হত্যাৰ চেষ্টা (ধাৰা ৩০৭), চৰকাৰী কৰ্মচাৰীক আক্রমণ ধাৰা (৩৫৩), অপৰাধমূলক ষড়যন্ত্র (ধাৰা ১২০ বি), উৎপাত (ধাৰা ১৪৮) আৰু বেআইনী সমাৱেশ (ধাৰা ১৪৯)ৰ লগতে অস্ত্ৰ আইনৰ ধাৰা ২৫ৰ অধীনত অমৃতপালকে ধৰি ৪১জন অভিযুক্তৰ বিৰুদ্ধে ইতিমধ্যে অভিযোগনামা দাখিল কৰা হৈছে। এই গোচৰৰ এজাহাৰ ২০২৩ চনৰ ২৪ ফেব্ৰুৱাৰীত পঞ্জীয়ন কৰা হৈছিল।
অমৃতপালৰ অধিবক্তা হৰপাল সিং খাৰাই পূৰ্বতেই নিশ্চিত কৰিছিল যে ন্যায়ালয়ে এন এছ এ ম্যাদ অন্ত পৰাৰ পাছত চৰকাৰক গ্ৰেপ্তাৰৰ অনুমতি দিছে আৰু পৰৱৰ্তী কার্যবিধি ভার্চুৱেল মাধ্যমেৰে কৰিবলৈ নিৰ্দেশ দিছে। অমৃতপালৰ নজন সহযোগী- পপলপ্রীত সিং, দলজিৎ সিং কলসী, কুলৱন্ত সিং, বৰিন্দৰ জোহাল, গুৰমিত সিং ভুখনৱালা, খুৰাক হৰজিৎ সিং, বসন্ত সিং, গুৰিন্দৰ সিং অজলা আৰু ভগৱন্ত সিং, যিসকলক এন এছ এৰ অধীনত ডিব্ৰুগড়লৈ পঠোৱা হৈছিল, তেওঁলোকক যোৱা বছৰ পঞ্জাবলৈ স্থানান্তৰ কৰা হৈছিল। বর্তমান তেওঁলোকে আজনালাৰ উপ-বিভাগীয় আদালতত বিচাৰৰ সন্মুখীন হৈছে। অমৃতপাল সিঙৰ আইনী সমস্যা কেৱল আজনালা গোচৰতে সীমাবদ্ধ নহয়। অমৃতসৰ (গ্ৰাম্য), জলন্ধৰ আৰু মোগাত হিংসা আৰু ভাবুকিৰ সৈতে জড়িত তেওঁৰ বিৰুদ্ধে আন অতি কমেও ১২খন এজাহাৰ বিচাৰাধীন হৈ আছে। ২০২৪ চনৰ ৯ অক্টোবৰত কোটকাপুৰাত ছ'চিয়েল মিডিয়া ইনফুৱেঞ্চাৰ গুৰপ্ৰীত সিং ওৰফে হৰি নৌৰ হত্যাকাণ্ডৰো তেওঁ মূল ষড়যন্ত্রকাৰী বুলি অভিযোগ উত্থাপন হৈছে।
উল্লেখযোগ্য যে ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা অৱস্থাতে অমৃতপাল সিঙে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত নির্দলীয় প্রার্থী হিচাপে খডুৰ চাহিব লোক সভা আসনত জয়লাভ কৰিছিল। ২০২৪ চনৰ ৫ জুলাইত তেওঁ সাংসদ হিচাপে শপত গ্রহণ কৰিছিল যিটো আছিল তেওঁৰ সংসদত উপস্থিত থকাৰ একমাত্ৰ সুযোগ। সংসদীয় অধিৱেশনত অংশ ল'বলৈ পেৰ'ল বিচাৰি কৰা দুখন আৱেদন উচ্চন্যায়ালয়ে অগ্রাহ্য কৰিছে। বৃহস্পতিবাৰৰ আনুষ্ঠানিক গ্ৰেপ্তাৰৰ লগে লগে দীর্ঘদিন ধৰি স্তব্ধ হৈ থকা আজনালা-কাণ্ডৰ ন্যায়িক প্রক্রিয়া পুনৰ সক্ৰিয় হৈ উঠিব বুলি আশা কৰা হৈছে।