এটা আচৰিত বেংক !য’ত ধনৰ লেনদেনৰ বিপৰীতে  যোগান ধৰে  অভাৱীসকলক খাদ্যৰ  

Jyoti Borah September 06, 2023

ডিজিটেল ডেস্কঃ বেংকত সাধাৰণতে ধনৰ যে লেনদেন কৰা হয় সেই কথা সকলোৱে জানে৷ কিন্তু এনেকুৱা এটা আচৰিত বেংক আছে য’ত ধনৰ কোনো লেনদেন নহয়৷ ইয়াক ৰুটী বেংক বুলিয়েই কোৱা হয়৷ অভাৱীসকলক খাদ্যৰ যোগান ধৰাৰ বাবে এই ৰুটী বেংক চলাই থকা হৈছে৷  এই ৰুটী বেংকে ক্ষুধাতুৰ আৰু অসহায় লোকসকলক খাদ্যৰ যোগান ধৰে৷ হাৰিয়ানাৰ কৰনালৰ মধুবনত এই ৰুটী বেংক স্থাপন কৰিছিল শ্ৰীকান্ত যাদৱ নামৰ এজন আৰক্ষী বিষয়াই ২০১৭ চনত৷ 

বৰ্তমান কুৰুক্ষেত্ৰত থকা ৰুটী বেংকটো পৰিচালনা কৰি থকা আৰক্ষী পৰিদৰ্শক অশোক বাৰ্মাই এই কথা প্ৰকাশ কৰে৷ তেওঁ জনোৱা মতে এবাৰ খাদ্য সামগ্ৰীৰ ৪০টা পেকেট লৈ ঘৰৰ পৰা ওলাই গৈছিল আৰু দৰিদ্ৰসকলৰ মাজত বিতৰণ কৰিছিল৷ তেওঁ এই খাদ্যখিনি বিতৰণ কৰি গাড়ীত উঠাৰ সময়ত ভালেমান শিশুৱে তেওঁৰ গাড়ীখন ঘেৰি ধৰে আৰু খাবলৈ ৰুটী বিচাৰে৷ তেতিয়াই তেওঁ ৰুটী বেংক স্থাপনৰ কথা চিন্তা কৰে৷ অশোক বাৰ্মাই জনোৱা মতে ২০১৮ চনত কুৰুক্ষেত্ৰত এই বেংকটো স্থাপন কৰা হয় আৰু ইয়াৰ পৰিচালনাৰ দায়িত্ব তেওঁক দিয়া হয়৷ তেওঁ জনোৱা মতে, প্ৰথমতে পুলিচ লাইনত কেইটামান বাকচ ৰাখি থোৱা হৈছিল আৰু আৰক্ষীৰ কৰ্মচাৰীসকলে প্ৰতিদিনে নিজৰ ঘৰৰ পৰা ৰুটী-ভাজি পেকেটত আনি ইয়াত থৈছিল৷ ইয়াৰ পাছত এই পেকেটবোৰ দৰিদ্ৰসকলক বিতৰণ কৰা হৈছিল৷ পুলিচ লাইনত থকা ডি এ ভি স্কুলৰ শিশুসকলে আৰম্ভণিৰ পৰাই ইয়াত প্ৰতি দিনে পুৱা দুখনকৈ ৰুটী জমা কৰে৷ পুলিচ লাইনত থকা প্ৰতি ঘৰৰ পৰাও দুখনকৈ ৰুটী আৰু ভাজিৰ পেকেট ইয়াত জমা কৰা হয়৷ কিছু পৰিমাণে ৰুটী-ভাজি পুলিচ লাইনত তৈয়াৰ কৰা হয়৷ ইয়াৰ পাছত কুৰুক্ষেত্ৰ ৰুটী বেংকৰ পৰা ৰুটী-ভাজিৰ পেকেট এখন অট’ত লৈ প্ৰতিদিনে তিনি শতাধিক দুখীয়া তথা অসহায় লোকক বিতৰণ কৰা হয়৷ অশোক বাৰ্মাই প্ৰকাশ কৰা অনুসৰি এতিয়া ৰুটী বেংকে কেৱল 


কুৰুক্ষেত্ৰতে নহয়, কৰনাল, আম্বালা, ৰেৱাড়ী, গুৰুগ্ৰাম আৰু ফৰিদাবাদতো চলাই থকা হৈছে আৰু প্ৰতিখন জিলাতে তিনি শতাধিক লোকক দৈনিক খাদ্যৰ যোগান ধৰা হয়৷ 

Share This