ৰাম নৱমীৰ দিনটোতে ১৭০ কিল'মিটাৰ দৈৰ্ঘ্যৰ পদযাত্ৰা সম্পূৰ্ণ কৰিলে অনন্ত আম্বানিয়ে

Kakali Deka April 06, 2025

ডিজিটেল ডেস্কঃ আজি ৰাম নৱমীৰ  দিনটোতে সম্পূৰ্ণ কৰিলে অনন্ত আম্বানিৰ পদযাত্ৰা। 
যোৱা ২৯ মাৰ্চৰ পৰা গুজৰাটৰ জামনগৰৰ পৰা দ্বাৰকাধীশ মন্দিৰলৈ অনন্ত আম্বানিৰ ১৭০ কিল'মিটাৰ আধ্যাত্মিক পদযাত্ৰা আৰম্ভ হয়। এই পদযাত্ৰা সম্পূৰ্ণ ১০ দিনত অন্ত পেলাইআজি দ্বাৰকাধীশ মন্দিৰত উপস্থিত হৈ এই পদযাত্ৰা সম্পূৰ্ণ কৰে অনন্ত আম্বানিয়ে। 

এই পদযাত্ৰাত অনন্ত আম্বানিৰ লগত যোগদান কৰে মাতৃ  নীতা আম্বানি আৰু অনন্ত আম্বানিৰ পত্নী ৰাধিকা মাৰ্চেণ্টেও ।


সংবাদ মাধ্যমৰ আগত অনন্ত আম্বানিয়ে এয়া তেওঁৰ ধৰ্মীয় যাত্ৰা বুলি প্ৰকাশ কৰে। এই যাত্ৰাত তেওঁৰ সৈতে যোগদান কৰা ৰাইজকো ধন্যবাদ জনায়। জামনগৰত আৰম্ভ কৰা এই পদযাত্ৰাত  আজি অনন্ত আম্বানিৰ ওপজা দিনটোতেই দ্বাৰকাধীশ মন্দিৰত উপস্থিত হোৱাত উৎফুল্লিত হৈ পৰে তেওঁৰ মাতৃৰ লগতে পত্নীও ।

Share This