ডিজিটেল ডেস্ক : 'কোনো ভাষাই আন ভাষাতকৈ উচ্চ অথবা নিম্ন হ'ব নোৱাৰে। মানুহে ইজনে আনজনৰ ভাষাক সন্মান জনোৱা উচিত।' এই মন্তব্য অন্ধ্র প্রদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ।
গুন্টুৰত সোমবাৰে চতুর্থ সংখ্যক বিশ্ব তেলুগু সন্মিলনত ভাগ লৈ তেওঁ কয় যে যিয়েই নিজৰ মাতৃভাষা অধ্যয়ন কৰে তেওঁ সদায়েই উৎকৃষ্টতা প্রদর্শন কৰে। মুখ্যমন্ত্রীজনে আৰু কয় যে প্রযুক্তিয়ে কেতিয়াও ভাষালৈ সংকট কঢ়িয়াই নানে, তাৰ বিপৰীতে ই ভাষাৰ সংৰক্ষণত সহায়হে কৰিছে।
ইফালে ইংৰাজী ভাষাৰ ব্যৱহাৰৰ সন্দৰ্ভত ক'বলৈ গৈ নাইডুৱে প্ৰকাশ কৰে যে নিজৰ মাতৃভাষাটো পাহৰি যোৱা মানে নিজৰ পৰিচয় হেৰুৱাই পেলোৱাৰ সমান। দেশত শতাধিক ভাষা থকাৰ পাছতো তেলুগুৱে দেশৰ ছটা ধ্রুপদী ভাষাৰ ভিতৰত স্থান পোৱাটো গৌৰৱৰ বিষয় বুলিও তেওঁ কয়।