অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী

dainik janambhumi August 24, 2025

ডিজিটেল ডেস্কঃ চি বি আয়ে শনিবাৰে অনিল আম্বানিৰ ৰিলায়েন্স কমিউনিকেশ্যনছৰ (আৰকম) বিৰুদ্ধে এছ বি আইৰ ২৯২৯ কোটি টকাৰ বেংক ঋণ জালিয়াতিৰ গোচৰ ৰুজু কৰিছে। উল্লেখযোগ্য যে চি বি আয়ে আজি অনিল আম্বানিৰ বাসভৱন, কার্যালয়কে ধৰি তেওঁৰ সৈতে জড়িত কেইবাটাও স্থানত তালাচী চলায়।

এই জালিয়াতি ভাৰতীয় ষ্টেট বেংকৰ সৈতে জড়িত। ইফালে, অনিল আম্বানিয়ে তেওঁৰ বিৰুদ্ধে অনা অভিযোগ অস্বীকাৰ কৰিছে। আনহাতে, বেংক জালিয়াতিৰ এই ঘটনাত এছ বি আয়ে তেওঁলোকৰ প্ৰায় ৩০৭৩ কোটি টকা লোকচান হোৱা বুলি অভিযোগ কৰিছে। ই ডিয়ে ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকজনৰ বিৰুদ্ধে প্রায় ১৭ হাজাৰ কোটি টকাৰ ঋণ জালিয়াতিৰ গোচৰৰ তদন্তও কৰি আছে। অভিযোগ অনুসৰি ২০১৭-১৯ৰ সময়ছোৱাত য়েছ বেংকে প্রায় ১৭ হাজাৰ কোটি টকা অবৈধভাৱে ঋণ ৰূপে অনিল আম্বানিৰ অধীনৰ কোম্পানীলৈ হস্তান্তৰ কৰিছিল। চি বি আইৰ গোচৰটোৰো ইয়াৰ সৈতে সম্পর্ক আছে।

Share This