EDৰ ৰোষত অনিল আম্বানি ! ২৬ ফেব্ৰুৱাৰীত হাজিৰ হ’বলৈ অনিল আম্বানিক নতুনকৈ চমন

Rashmi February 19, 2026

ডিজিটেল ডেস্কঃ ৰিলায়েন্স গ্ৰুপৰ মুৰব্বী অনিল আম্বানি পুনৰবাৰ আইনী মেৰপাকত আবদ্ধ হৈ পৰিছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে (ED) এক গুৰুত্বপূৰ্ণ বৈদেশিক মুদ্ৰা বিনিময় গোচৰৰ তদন্তৰ সংক্ৰান্তত উদ্যোগপতিগৰাকীক পুনৰবাৰ চমন জাৰি কৰিছে। 

অহা ২৬ ফেব্ৰুৱাৰীত তেওঁক তদন্তকাৰী বিষয়াৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

খবৰ অনুসৰি, বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন (FEMA) উলংঘা কৰি বিদেশত ধন বিনিয়োগ আৰু সম্পত্তি চলোৱাৰ অভিযোগত এই তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। বিশেষকৈ ‘পেণ্ড'ৰা পেপাৰ্ছ’ (Pandora Papers) ফাদিল হোৱাৰ পাছত আম্বানিৰ বিদেশী লেনদেনসমূহ ইডি-ৰ তীক্ষ্ণ দৃষ্টিলৈ আহিছিল।


প্ৰতিৰক্ষা চুক্তিৰ সৈতে সম্পৰ্ক

তদন্তকাৰী সংস্থাই কেৱল ব্যক্তিগত বিনিয়োগেই নহয়, বৰঞ্চ তেওঁৰ কোম্পানীৰ সৈতে জড়িত কিছুমান প্ৰতিৰক্ষা খণ্ডৰ চুক্তিৰ আৰ্থিক দিশবোৰো পৰীক্ষা কৰি আছে। এই চুক্তিসমূহৰ জৰিয়তে কোনো ধৰণৰ অবৈধ ধনৰ লেনদেন বা কৰ ফাঁকি দিয়া হৈছিল নেকি, সেই সন্দৰ্ভত আম্বানিক সোধা-পোছা কৰা হ’ব।

২৬ ফেব্ৰুৱাৰীত হাজিৰ হোৱাৰ সময়ত অনিল আম্বানিক তেওঁৰ আৰু তেওঁৰ পৰিয়ালৰ যোৱা কেইবছৰমানৰ, বেংক ষ্টেটমেণ্ট, বিদেশী বিনিয়োগৰ নথি-পত্ৰ, আয়কৰ ৰিটাৰ্ণৰ সবিশেষ লগত আনিবলৈ কোৱা হৈছে বুলি জানিব পৰা গৈছে।

আম্বানিৰ পূৰ্বৰ স্থিতি

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও অনিল আম্বানিক কেইবাবাৰো ইডি-ৰ কাৰ্যালয়লৈ তলব কৰা হৈছিল। যদিও তেওঁ তদন্তত সহযোগিতা কৰাৰ কথা কৈছে, তথাপি নতুনকৈ জাৰি কৰা এই চমনে তেওঁৰ সমস্যা আৰু অধিক বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।




প্ৰাগ নিউজ ডিজিটেল

Share This