বাংলাদেশত আৰু এজন হিন্দুৱে মৃত্যুক সাবটিলে

dainik janambhumi January 08, 2026

ডিজিটেল ডেস্ক: বাংলাদেশত সংখ্যালঘুৰ বিৰুদ্ধে অব্যাহত থকা হিংসাত্মক ঘটনাত নওগাঁ জিলাৰ মহাদেৱৰপুৰ উপ-জিলাত উন্মত্ত জনতাৰ পৰা প্ৰাণৰক্ষা কৰিবলৈ এটা খাললৈ জাঁপ মাৰি দিয়াৰ পাছত আন এজন হিন্দু লোকৰ মৃত্যু হয়। 

২৫ বছৰীয়া মিথুন সৰকাৰ নামৰ উক্ত লোকজনৰ মঙলবাৰে বিয়লি উপ-জিলাখনৰ চাকগুড়ি অঞ্চলত মৃত্যু হয়। স্থানীয় লোক আৰু আৰক্ষীৰ সূত্ৰে বাংলাদেশৰ দৈনিক কাকত মানৱকণ্ঠত প্ৰকাশ কৰা বাতৰি মতে, মঙলবাৰে আবেলি মিথুনক এটা ডকাইতিৰ ঘটনাৰ বাবে অভিযুক্ত কৰি এটা উন্মত্ত জনতাৰ দলে খেদি নিয়ে। তেতিয়া প্ৰাণৰক্ষা কৰিবলৈ কাষৰে এটা দ খালত জাঁপ মাৰি দিয়ে আৰু প্ৰবল সোঁতে তেওঁক উটুৱাই নিয়ে। বহু ঘণ্টাৰ পাছত অগ্নিনির্বাপক বাহিনীৰ ডুবাৰুৱে মিথুনক পানীৰ পৰা উঠাই আনে, কিন্তু ইতিমধ্যে তেওঁৰ মৃত্যু হয়।

Share This