ডিজিটেল ডেস্কঃ য়েমেনত থকা ইৰান সমর্থিত হুথী বিদ্রোহীয়ে দেওবাৰে ইজৰাইলত ভয়ংকৰ আক্ৰমণ চলায়। ইজৰাইলৰ প্ৰতিৰক্ষা বিভাগে দেওবাৰে কয় যে য়েমেনৰ হুথী বিদ্রোহীয়ে ইজৰাইলৰ বেন গুৰিয়ন বিমান বন্দৰৰ সমীপত ক্ষেপণাস্ত্ৰৰে ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে। ইজৰাইলৰ বৃহত্তম বিমান বন্দৰটোত হুথী বিদ্রোহীৰ এই আক্ৰমণৰ সাতগুণ শক্তিশালী প্ৰত্যুত্তৰ দিব বুলি দেশখনৰ প্ৰতিৰক্ষা বিভাগে প্রকাশ কৰিছে।
টাইমছ অব্ ইজৰাইলে প্ৰকাশ কৰা অনুসৰি, হুথীৰ ভয়ংকৰ আক্ৰমণত দেশখনৰ প্ৰধান বিমান বন্দৰটোৰ চৌহদৰ সমীপৰ পথত বিশাল গাঁতৰ সৃষ্টি হয়। ইজৰাইলী সেনাই কয় যে য়েমেনৰ পৰা অহা ক্ষেপণাস্ত্রসমূহ তেওঁলোকে প্রতিহত কৰি আছিল যদিও দুর্ভাগ্যবশতঃ বেন গুৰিয়ন বিমান বন্দৰৰ সমীপত হুথীৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ তেওঁলোকে প্রতিহত কৰিব নোৱাৰিলে। হুথীৰ এই ভয়ংকৰ আক্ৰমণৰ ফলত ইজৰাইলী বায়ু সেনাৰ আকাশী প্ৰতিৰক্ষা ব্যৱস্থাও বিকল হৈ পৰে। আনহাতে, এই ভয়ংকৰ আক্ৰমণত বিমান বন্দৰৰ পার্কিং স্থানত ক্ষেপণাস্ত্ৰ পৰাৰ পাছত কমেও ছজন লোক গুৰুতৰভাৱে আহত হয়।
আক্ৰমণটোৰ পাছত বিমান বন্দৰটোৰ চাৰিওফালৰ আকাশী মাৰ্গ এঘণ্টা ধৰি বন্ধ ৰখা হয়। ইফালে, হুথী বিদ্রোহীৰ ইজৰাইলত আক্ৰমণৰ পাছত দেশখনৰ প্ৰধানমন্ত্ৰী নেটান্যাহুৱে বিদ্রোহী গোটটোৰ বিৰুদ্ধে প্রতিশোধ লোৱাৰ সংকল্প লয়। নেটান্যাহুৱে কয় যে এই আক্রমণ য়েমেনৰ পৰা অহা নাই, এই আক্রমণ ইৰানেহে কৰিছে। হুথীৰ বিৰুদ্ধে অহা দিনবোৰত ভয়ংকৰ আক্রমণ চলাব বুলি নেটান্যাহুৱে হুংকাৰ দিয়ে।