ডিজিটেল ডেস্ক : পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত পঞ্জাবৰ পৰা আন এজন ইউটিউবাৰক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰ কৰা ইউটিউবাৰ জব্বীৰ সিঙে 'জানমহল ভিডিঅ" নামেৰে এটা ইউটিউব চেনেল চলাই আছিল আৰু তেওঁৰ প্ৰায় ১০ লাখ অনুগামী আছিল পঞ্জাব আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, ইউটিউবাৰ জছবীৰে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইক ভাৰতীয় সামৰিক বাহিনীৰ গতি-বিধিৰ বিষয়ে তথ্য যোগান ধৰিছিল।
পঞ্জাব আৰক্ষীয়ে বুধবাৰে জছবীৰক ৰূপনগৰৰ পৰা গ্রেপ্তাৰ কৰে। পাকিস্তানৰ সন্ত্রাসবাদী সমর্থক এটা 'স্পাই নেটৱৰ্ক'ৰ অংশ, আই এছ আইৰ বিষয়া ছাকিব ওৰফে জুট ৰান্ধাৱাৰ সৈতে সঘনে যোগাযোগ কৰিছিল জছবীৰে। আনহাতে, যোৱা ১৫ - মে'ত হাৰিয়ানাৰ পৰা গ্ৰেপ্তাৰ কৰা ইউটিউবাৰ জ্যোতি মালহোট্ৰাৰ সৈতে ঘনিষ্ঠ সম্পর্ক আছিল জছবীৰৰ।
তদুপৰি, ভাৰতত থকা পাকিস্তানী দূতাৱাসৰ বহিষ্কৃত কৰ্মচাৰী ডানিছৰ সৈতেও যোগাযোগ ৰাখিছিল ইউটিউবাৰ জছবীৰে। গ্ৰেপ্তাৰ কৰাৰ পাছত জছবীৰৰ ম'বাইলৰ পৰা কেইবাটাও পাকিস্তানী ম'বাইল নম্বৰ পোৱা গৈছে। পাকিস্তানী দূতাৱাসত হোৱা অনুষ্ঠানতো ডানিছৰ আমন্ত্রণক্রমে জছবীৰে অংশ লৈছিল।