ডিজিটেল ডেস্ক : পৃথিৱী বিখ্যাত চাহ গৱেষণা প্রতিষ্ঠান যোৰহাট টোকোলাই চাহ গৱেষণা কেন্দ্রত বৰ্তমান থলুৱা বিৰোধী চক্ৰৰ ষড়যন্ত্র চলিছে। এসময়ত পৃথিৱীৰ চৌদিশে ৰজনজনাই থকা চাহ গৱেষণা কেন্দ্ৰটোক মৃত্যুমুখী যাত্ৰাৰ পৰা কেনেকৈ পৰিত্ৰাণ কৰিব পাৰি, সেই সম্পর্কে প্রতিষ্ঠানটোৰ লগত জড়িত বিষয়া-কর্মচাৰী তথা ঊর্ধ্বতন মহলে ইয়াৰ সুস্থ পৰিচালনা পথ বিশ্লেষণ কৰি থকাৰ সময়তে এচাম বহিঃ ৰাজ্যৰ বিষয়াৰ থলুৱা বিৰোধী স্থিতিয়ে প্রতিষ্ঠানটোৰ ভিতৰে বাহিৰে প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
বছৰ বছৰ ধৰি অস্থায়ী কৰ্মচাৰী হিচাপে নিয়োগ হোৱাৰ পাছত ভৱিষ্যতে চাকৰি সুৰক্ষিত হোৱাৰ অযুত আশাৰে কম মজুৰিৰে কাম কৰি অহা প্রতিষ্ঠানটোৰ প্ৰায় আশীগৰাকী অস্থায়ী কৰ্মচাৰীক চাটাই কৰাৰ প্ৰৱণতা গঢ়ি উঠিছে। এজন ইলেক্ট্রিচিয়ানকে ধৰি দুগৰাকী কৰ্মচাৰীক ইতিমধ্যে চাটাই কৰিছে বুলি এক সূত্রে জানিব পৰা গৈছে। লক্ষণীয় যে বহু বছৰ ধৰি স্থায়ী চাকৰিত মকৰল নকৰাৰ বাবে অস্থায়ী কৰ্মচাৰীসকলে চাহ গৱেষণা প্ৰতিষ্ঠানটোৰ বহু গুৰুত্বপূৰ্ণ কাম কৰি আহিছে। অস্থায়ী কৰ্মচাৰীসকলৰ একাংশই কম মজুৰি লাভকৰাৰ বিপৰীতে অন্যসকলে প্রতিদিনে ৩৫৭ টকা দৰত হাজিৰা কৰি পেটে-ভাতে খাই আহিছে। কিন্তু প্রতিষ্ঠানটোত গঢ়ি উঠা থলুৱা বিৰোধী লবীৰ বাবে দিন-হাজিৰা কৰি পেট প্ৰৱৰ্তোৱা এই অস্থায়ী কৰ্মচাৰীসকলক চাটাই কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এক সমর্থিত সূত্রই দাবী কৰা অনুসৰি, টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ বহিঃৰাজ্যৰ সঞ্চালকগৰাকীৰ নেতৃত্বতে থলুৱা বিৰোধী চক্ৰটো শক্তিশালী হৈ পৰিছে।
লক্ষণীয় যে অসম চৰকাৰৰ নিয়ম অনুসৰি প্ৰতিগৰাকী অস্থায়ী কৰ্মচাৰীয়ে দৈনিক হাজিৰা ৩৫৭টকা লাভ কৰে। কিন্তু প্রতিষ্ঠানটোৰ কৰ্তৃপক্ষই ব্যয় সংকোচন নীতিৰ অজুহাত দেখুৱাই ঠিকাদাৰৰ জৰিয়তে কৰ্মচাৰী ল'ব নিবিচাৰে। স্বাভাৱিকতে প্রশ্ন উদয় হৈছে যে ঠিকাদাৰৰ জৰিয়তে কৰ্মচাৰী ল'লে প্ৰতিগৰাকী কৰ্মচাৰীক বৰ্তমান অস্থায়ী কৰ্মচাৰীসকলক দি থকা মজুৰিতকৈ বেছি মজুৰি দিব লাগিব। বর্তমান কৰি থকা কৰ্মচাৰীসকলক আঁতৰাবলৈ ঠিকাদাৰৰ জৰিয়তে কৰ্মচাৰী নিয়োগ কৰিলেও প্রতিষ্ঠানটোত ব্যয় সংকোচন যে নহয় সেই কথা প্রতীয়মান হৈছে। দীর্ঘদিনৰ পৰা অস্থায়ী কৰ্মচাৰী হিচাপে নিয়োগ হৈ থাকি প্রতিষ্ঠানটোৰ উত্তৰণত দেহে-কেহে খাটি কাম কৰা এইসকল কৰ্মচাৰীৰ কথা এতিয়া ভাবোঁতা কোনো নাই। মাথোঁ নিজৰ স্বাৰ্থ পূৰণত সিদ্ধহস্ত একাংশ বিষয়াৰ ঊর্ধ্বতন মহলৰ প্ৰীতি গুণৰ বাবে এতিয়া থলুৱা শ্ৰমিকসকলৰ চাকৰিৰ প্ৰতি সন্দিহান হৈ পৰিছে। নিম্নতম দৰমহাত খটুৱাই থকা এইসকল অস্থায়ী কৰ্মচাৰীক চাটাই কৰাৰ প্ৰৱণতা গঢ়ি উঠাত সচেতন লোকৰ মাজত তীব্র প্রতিক্রিয়াও সৃষ্টি হৈছে। এই ক্ষেত্রত যোৰহাটৰ জাতীয়তাবাদী সংগঠনসমূহে বিষয়টো অনুধাৱন কৰাটোত সচেতন লোকসকলে গুৰুত্ব আৰোপ কৰিছে।