অৱশেষত আৰক্ষীৰ জালত পৰিল অনুৰাগ চলিহা

Kakali Deka August 14, 2023

ডিজিটেল ডেস্ক: অৱশেষত আৰক্ষীৰ জালত পৰিল অনুৰাগ চলিহা৷ বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰে নাম সাঙোৰ খাইছিল অনুৰাগৰ৷ শিৱসাগৰৰ পৰা মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অনুৰাগক৷

ইন্দ্ৰাণী চলিহাৰে আপত্তিজনক ফটো ভাইৰেল হৈছিল অনুৰাগ চলিহাৰ৷ পৰৱৰ্তী সময়ত মুখলজ্জাত আত্মহত্যা কৰিছিল ইন্দ্ৰাণীয়ে৷ তাৰ পাছৰে পৰা পলাতক হৈ আছিল অনুৰাগ৷ আৰু সোমবাৰে নিশা শিৱসাগৰত আৰক্ষীৰ জালত পৰিল অনুৰাগ চলিহা৷ অনুৰাগৰ গ্ৰেপ্তাৰৰ পাছত সমগ্ৰ ঘটনাই কি পাক লয়, কি নতুন তথ্য পোহৰলৈ আহে সেয়া হ’ব লক্ষ্যণীয়৷

Share This