চি বি এছ ইৰ দশম শ্ৰেণীৰ ফল ঘোষণা, ১০০% নম্বৰেৰে আৰ্হি ৰাজখোৱাৰ চমক

dainik janambhumi April 17, 2026

ডিজিটেল ডেস্ক: বিহুৰ বতৰতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে গুৱাহাটীৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে। বুধবাৰে ঘোষিত চি বি এছ ইৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত এশ শতাংশ নম্বৰ লাভেৰে 'চমক' দিবলৈ সক্ষম হৈছে গুৱাহাটীৰ আৰ্হি ৰাজখোৱা নামৰ ছাত্ৰীগৰাকীয়ে। 

গুৱাহাটী পাণবজাৰস্থিত ডনবস্ক' স্কুলৰ ছাত্রী আৰ্হি ৰাজখোৱাই কালি সাংবাদিকৰ আগত কয় যে তেওঁ নিজেও এনে এক ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি ভবা নাছিল কিয়নো ৫০০ নম্বৰৰ ভিতৰত ৫০০ নম্বৰ লাভ কৰাটো সহজ কথা নহয়। তেওঁৰ মতে, '৯০ শতাংশৰ ওপৰত নম্বৰ লাভ কৰিম বুলি ভাবিছিলোঁ। কিন্তু এশ শতাংশ নম্বৰ লাভ কৰাটো মোৰ বাবে এটা 'শ্বক' আছিল।' 

পঢ়াৰ ক্ষেত্ৰত কোনো নির্দিষ্ট সময়সীমা নাছিল বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে ইউটিউবৰ বাহিৰে তেওঁ আন কোনো ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰা নাছিল। এনে এক ফলাফলৰ বাবে তেওঁ স্কুলৰ শিক্ষকসকলৰ লগতে মাক-দেউতাকক ধন্যবাদ জ্ঞাপন কৰে। অনাগত দিনত চিকিৎসক হোৱাৰ সপোন থকাৰ কথাও তেওঁ ব্যক্ত কৰে।

Share This