ৰাজ্যৰ চিকিৎসা সেৱা ক্ষেত্ৰলৈ সু-খবৰ কঢ়িয়ালে জে এম চি এইচৰ চিকিৎসকে, অৰিজিত ৰুমু বৰুৱালৈ ব্রিটেইনৰ 'মেম্বাৰ অব দ্য ৰয়েল কলেজ অব ছার্জনছ' সন্মান

dainik janambhumi June 19, 2026

ডিজিটেল ডেস্ক : ৰাজ্যৰ চিকিৎসা সেৱা ক্ষেত্ৰখনৰ বাবে সুখবৰ কঢ়িয়াই আনিছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ শল্য চিকিৎসা বিভাগৰ পঞ্জীয়ক ডাঃ অৰিজিত ৰুমু বৰুৱাই। ব্রিটেইনৰ বিশ্ববিখ্যাত আগশাৰী চিকিৎসা শিক্ষা প্রতিষ্ঠান ৰয়েল কলেজ অব ফিজিচিয়ানছ এণ্ড ছার্জনছ অব্ গ্লাছগো, স্কটলেণ্ডে ডাঃ বৰুৱাক আগবঢ়াইছে তেওঁলোকৰ সদস্য পদ। তেওঁক 'মেম্বাৰ অব দ্যা ৰয়েল কলেজ অব্ ছার্জনছ' সন্মানেৰে সন্মানিত কৰে। 

যোৱা ১৭ জুনত স্কটলেণ্ডত ৰয়েল কলেজৰ কাউঞ্চিল হলত অনুষ্ঠিত সমাৱৰ্তন অনুষ্ঠানত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকগৰাকীক এই আন্তর্জাতিক সম্মান প্রদান কৰে। শল্য চিকিৎসক হিচাপে ডাঃ বৰুৱাই কৰা আন্তর্জাতিক পৰ্যায়ৰ ৰোগীৰ চিকিৎসা, গৱেষণা, সজাগতামূলক ভাষণ, সামাজিক দায়বদ্ধতাৰ জৰিয়তে শল্য চিকিৎসা বিজ্ঞানৰ উন্নতিৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে এই সন্মান প্রদান কৰিছে বুলি ডাঃ বৰুৱাই আমাক জানিবলৈ দিয়ে। 

তেওঁ যোৰহাট নগৰৰ তৰাজান কাকতি গাঁৱৰ হেম বৰুৱা পথৰ নিৱাসী প্রয়াত চিকিৎসক ৰঞ্জিত কুমাৰ বৰুৱা আৰু বাহনা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড° মধুস্মিতা বৰুৱা চাংকাকতিৰ পুত্ৰ। ডাঃ বৰুৱাৰ পত্নী দর্পণা কলিতা বৰুৱাও ব্রিটেইনৰ ৰয়েল কলেজ অব্ ৰেডিঅ'লজিষ্টৰ সদস্য।

Share This