বিশ্বজুৰি হ্ৰাস খাৰুৱা তেলৰ দাম, ইৰান-আমেৰিকাৰ বুজাবুজি চুক্তিৰ প্ৰভাৱ

dainik janambhumi June 19, 2026

ডিজিটেল ডেস্ক : মধ্য প্রাচ্যৰ ভয়ংকৰ যুদ্ধখন বন্ধ কৰাৰ বাবে ইৰান আৰু আমেৰিকাৰ মাজত জেনেভাত চুক্তি স্বাক্ষৰিত হোৱাৰ পাছতেই আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম ক্ৰমাৎ হ্রাস পাইছে। বৃহস্পতিবাৰে ব্ৰেণ্ট খাৰুৱা তেলৰ দাম ৮৯ চেণ্ট বা ১.১২ শতাংশ হ্রাস পাই প্রতি বেৰলৰ দাম ৭৮.৬৬ মার্কিন ডলাৰ হয়গৈ। 

আনহাতে, মার্কিন ৱেষ্ট টেক্সাছ ইণ্টাৰ মেডিয়েট খাৰুৱা তেলৰ দাম ৯৮ চেন্ট বা ১.২৮ শতাংশ হ্রাস পাই প্রতি বেৰলত ৭৫.৮১ মার্কিন ডলাৰ হ'লগৈ। উল্লেখযোগ্য যে বুধবাৰে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে প্রকাশ কৰিছিল যে ইৰানৰ নেতৃত্বই যদি বুজাবুজি চুক্তিৰ ক্ষেত্ৰত আগ্রহ প্রকাশ নকৰে, তেন্তে আমেৰিকাই দেশখনত পুনৰ বোমাবর্ষণ আৰম্ভ কৰিব। 

ইয়াৰ লগে লগে খাৰুৱা তেলৰ দাম পুনৰ বৃদ্ধি হৈছিল। অৱশেষত বৃহস্পতিবাৰে চুক্তি স্বাক্ষৰৰ পাছতে বিশ্ববাসীক সকাহ প্রদানেৰে হ্রাস পালে তেলৰ দাম।

Share This