কম শিক্ষার্থী থকা সকলো স্কুল বন্ধ নহয়

dainik janambhumi June 19, 2026

ডিজিটেল ডেস্ক : ৩০জনতকৈ কম শিক্ষার্থী থকা সকলো বিদ্যালয় বন্ধ নহয়। এই কথা প্রকাশ কৰিছে শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে। উল্লেখযোগ্য যে শিক্ষাসেতু এপৰ দ্বাৰা ৰাজ্যত ৩০জনকৈ কম শিক্ষার্থী থকা বিদ্যালয়ৰ সংখ্যা ৩২ হাজাৰৰো অধিক বুলি প্রকাশ পাইছে। 

কম শিক্ষার্থী থকা বিদ্যালয়সমূহৰ ভিতৰত একত্ৰীকৰণৰ সুবিধা থকা বিদ্যালয়ৰ সংখ্যা জিলা শিক্ষা বিষয়াসকলৰ পৰা শিক্ষা বিভাগে সংগ্ৰহ কৰাৰ লগে লগে ৩০জনতকৈ কম শিক্ষার্থী থকা সকলো বিদ্যালয় বন্ধ হৈ পৰিব বুলি হোৱা চৰ্চাই সংশ্লিষ্ট বিদ্যালয়বিলাকক উদ্বিগ্ন কৰি তুলিছিল। এনে অৱস্থাত এই প্ৰচাৰক ভুৱা আখ্যা দিছে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। শিক্ষা মন্ত্রী ডাঃ পেগুৱে কালি সংবাদ মাধ্যমৰ আগত কয় যে ৩০জনতকৈ কম শিক্ষার্থী থকা সমূহ বিদ্যালয় বন্ধ হ'ব বুলি প্ৰচাৰ চলিলেও সেই কথা সত্য নহয়। বিদ্যালয়ত থকা শিক্ষাৰ্থীৰ সমীক্ষাহে চলোৱা হৈছে। এই সমীক্ষাৰ পৰা জানিব পৰা যাব যে কোনবোৰ বিদ্যালয় বহনক্ষম। এক কিল'মিটাৰ ব্যাসার্ধৰ ভিতৰত কোনো বিদ্যালয়ত কম শিক্ষার্থী আছে কিন্তু আন বিদ্যালয় নাই। তেনে বিদ্যালয় বন্ধ কৰাৰ প্ৰশ্ন আহিব নোৱাৰে। দুশ মিটাৰৰ ভিতৰত দুই-তিনিখন বিদ্যালয় আছে বা একেটা চৌহদতেদুখন বিদ্যালয় আছে কিন্তু শিক্ষার্থীৰ সংখ্যা কম, তেনে বিদ্যালয় একত্ৰীকৰণ হ'ব। আনহাতে শিক্ষক নিযুক্তিৰ বাবে বিজ্ঞাপন কেতিয়া প্রকাশ হ'ব সেই প্রশ্ন উত্থাপন হোৱাত মন্ত্রী ডাঃ পেগুৱে কয় যে এতিয়া মাথোঁ শিক্ষাখণ্ডত শিক্ষক, শিক্ষাৰ্থীৰ সংখ্যাৰ সমীক্ষাহে চলোৱা হৈছে। এতিয়াই সেই কথা ক'ব নোৱাৰি। 

ইফালে কামৰূপ মহানগৰ জিলাৰ হ'লেও কাৰ্বি লোক বাস কৰা এলেকাৰ শিক্ষানুষ্ঠানত শিক্ষকৰ অনিয়মীয়া উপস্থিতি সন্দৰ্ভত শিক্ষা মন্ত্রী ডাঃ পেগুৱে কয় যে কামৰূপ মহানগৰ জিলা হ'লেও বহু বনাঞ্চল আছে, পাহাৰীয়া এলেকা আছে। এই এলেকাসমূহত কার্বি লোকে বাস কৰে। এই এলেকাত থকা বিদ্যালয়ত শিক্ষক-শিক্ষার্থীৰ বহু সমস্যা আছে। শিক্ষক বিদ্যালয়সমূহত নিয়মীয়াকৈ উপস্থিত নহয়। ডাঃ পেগুৱে জনোৱা মতে এজন শিক্ষকে তেওঁক কয় যে সেইবোৰ এলেকাত থাকিবলৈ ঘৰ ভাৰা পোৱা নাযায়। কালি সদস্যসকলে শপত লোৱা কাৰ্বি কল্যাণ স্বায়ত্ত পৰিষদক তেনেবোৰ অঞ্চলত শিক্ষকসকল থাকিব পৰাকৈ আৱাসগৃহ নিৰ্মাণ কৰিব পাৰি নেকি সেই কথা চাবলৈ দিয়া হৈছে। এনে কামত ৰাজ্য চৰকাৰেও সহায় কৰিব। 

ইফালে কালি দিছপুৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই প্রাথমিক, মাধ্যমিক, উচ্চ আৰু কাৰিকৰী শিক্ষা বিভাগৰ সৈতে চলি থকা আঁচনিসমূহৰ অগ্রগতি আৰু আন গুৰুত্বপূৰ্ণ বিষয়সমূহক লৈ আলোচনাত মিলিত হয়। শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুও উপস্থিত থকা পর্যালোচনা বৈঠকত শিক্ষক নিযুক্তি অভিযান, চৰকাৰী আদর্শ মহাবিদ্যালয়, চাহ বাগিচা আদর্শ বিদ্যালয়, শিক্ষা বিভাগত নতুন পদ সৃষ্টি আৰু উচ্চ শিক্ষা গ্ৰহণৰ সময়ত শিক্ষার্থীয়ে বিদ্যালয় এৰা ঘটনা ৰোধৰ দৰে বিষয়সমূহক লৈ আলোচনা কৰা হয়। আনহাতে শিক্ষা বিভাগৰ অধীনত চলি থকা নিযুত মইনা, নিযুত বাবু, বিনামূলীয়াকৈ স্কুটাৰ প্রদান, বিনামূলীয়াকৈ চাইকেল বিতৰণ, বিনামূলীয়া পাঠ্যপুথি, বিনামূলীয়া নামভর্তি আদি আঁচনিসমূহৰ ধাৰাবাহিকতা ৰক্ষা কৰাৰ দৰে বিষয়মূহো মুখ্যমন্ত্রীয়ে শিক্ষা বিভাগৰ বিষয়াসকলৰ লগত পর্যালোচনা কৰে।

Share This