দীর্ঘকালীন যুদ্ধৰ বাবে সশস্ত্র সেনা সাজু হৈ থকা উচিত

dainik janambhumi August 28, 2025

ডিজিটেল ডেস্কঃ পূর্বানুমান কৰিব নোৱাৰা এক ভূ-ৰাজনৈতিক পৰিৱেশত এখন হ্রস্বম্যাদী যুদ্ধৰ পৰা ধৰি পাঁচ বছৰজোৰা এখন যুদ্ধলৈকে সকলো ধৰণৰ নিৰাপত্তা প্রত্যাহ্বানৰ মোকাবিলা কৰিবলৈ ভাৰতৰ সশস্ত্র সেনা প্রস্তুত হোৱা উচিত।

 বুধবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই মন্তব্য কৰে। মধ্য প্রদেশৰ মৌস্থিত আমি ৱাৰ কলেজত আয়োজিত 'ৰণ সম্বাদ' শীর্ষক এটা অনুষ্ঠানত অংশগ্রহণ কৰি সিঙে কয় যে ভাৰতে কোনো দেশৰ ভূমি নিবিচাৰে, কিন্তু দেশে ইয়াৰ প্ৰাদেশিক অখণ্ডতা ৰক্ষা কৰিবলৈ যিকোনো পর্যায়লৈ যাব পাৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে আজিৰ যুগত যিকোনো এখন যুদ্ধ কেতিয়া শেষ হ'ব আৰু কিমান সময় পর্যন্ত চলিব তাক অনুমান কৰাটো অত্যন্ত কঠিন।

 সিঙে কয় যে ভাৰতীয় সেনা যিকোনো পৰিস্থিতিৰ বাবে সাজু থকা উচিত। তেওঁ লগতে কয় যে ৰাষ্ট্ৰীয় নিৰাপত্তা সম্প্রতি এটা সামৰিক বিষয় হৈ থকা নাই, বৰঞ্চ ই এটা সমগ্ৰ ৰাষ্ট্ৰৰ দৃষ্টিভংগী হৈ পৰিছে।

Share This