অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য

dainik janambhumi December 02, 2025

ডিজিটেল ডেস্ক : বিশ্বজুৰি ১০০টা বৃহত্তম অস্ত্র-নিৰ্মাণকাৰী কোম্পানীয়ে যোৱা বৰ্ষত অস্ত্র আৰু সামৰিক সেৱা বিক্ৰী কৰি অৰ্জন কৰা ৰাজহ ৫.৯%লৈ বৃদ্ধি হৈছে। সোমবাৰে প্রকাশিত এখন প্রতিবেদনত এই তথ্য প্রকাশ পাইছে। ইউক্রেইন আৰু গাজাত চলি থকা যুদ্ধ আৰু গোলকীয় আৰু আঞ্চলিক ভূ-ৰাজনৈতিক উত্তেজনাই অস্ত্র-শস্ত্ৰৰ চাহিদা বৃদ্ধি কৰাৰ ফলতেই বিক্রী বৃদ্ধি পাইছে। ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্রতিষ্ঠান (ছিপ্রি)-এ প্রকাশ কৰা প্ৰতিবেদন অনুসৰি তালিকাত স্থান লাভ কৰা ৩টা ভাৰতীয় কোম্পানীৰ মুঠ অস্ত্র-শস্ত্র বিক্রী ৮.২% বৃদ্ধি হৈছে আৰু কোম্পানী তিনিটাই ৭.৫ বিলিয়ন ডলাৰ অৰ্জন কৰিবলৈ সক্ষম হয়। 

দেশত লাভ কৰা নিবিদাৰ বাবেই ভাৰতীয় কোম্পানীকেইটাই এই লাভ অর্জন কৰে। এই তালিকাত স্থান লাভ কৰা ভাৰতীয় কোম্পানীকেইটা হৈছে- হিন্দুস্তান এৰন'টিক্‌ (৪৪ সংখ্যক স্থান), ভাৰত ইলেকট্রনিকছ (৫৮ সংখ্যক) স্থান আৰু মাজগাঁও ডক শ্বিপবিল্ডাৰ্ছ (৯১ সংখ্যক স্থান)। গৱেষণা প্রতিষ্ঠানটোৱে লগতে কয় যে যোৱা বৰ্ষত অস্ত্র-শস্ত্র নির্মাণ কৰা কোম্পানীয়ে ৬৭৯ বিলিয়ন ডলাৰ লাভেৰে এক নতুন অভিলেখৰ সৃষ্টি হয়। 

২০১৮ চনৰ পাছত বিশ্বৰ শীৰ্ষ ৫টা বৃহত্তম অস্ত্র কোম্পানীয়ে অভিলেখসংখ্যক ধন অর্জন কৰে। তালিকাত প্রথম ৩টা স্থান দখল কৰে ক্ৰমে- লকহিত মার্টিন কৰ্প'ৰেশ্যন (আমেৰিকা), আৰ টি এক্স (আমেৰিকা) আৰু নৰ্তৰপ গ্ৰুমান কৰ্প'ৰেশ্যন (আমেৰিকা)।

Share This