ইৰানত শাসন চলাই আছে সেনাই: ইজৰাইল

dainik janambhumi April 12, 2026

ডিজিটেল ডেস্ক : আমেৰিকা আৰু ইজৰাইলৰ ভয়াৱহ আক্ৰমণত গুৰুতৰভাৱে আহত ইৰানৰ সৰ্বোচ্চ নেতা মুজতাবা খামেনেইৰ চিকিৎসা চলি আছে। ক্ষেপণাস্ত্ৰৰ আঘাতত তেওঁ মুখমণ্ডল আৰু ভৰিত আঘাত পাইছিল আৰু বহুকেইজন বিশেষজ্ঞ চিকিৎসকৰ নিৰৱচ্ছিন্ন তত্ত্বাৱধানত অব্যাহত আছে তেওঁৰ চিকিৎসা। তেওঁ আঘাতপ্রাপ্ত হ'লেও কিন্তু মানসিকভাৱে সম্পূর্ণ সবল হৈ আছে। তিনিটাকৈ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি শত্ৰু ৰাষ্ট্ৰ দুখনৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত খামেনেইৰ মুখমণ্ডল সম্পূর্ণ বিকৃত হৈ পৰিল। তদুপৰি, দুয়োটা ভৰিতেই তেওঁ গুৰুতৰ আঘাত পায়। তথাপি কিন্তু মনোবল হ্রাস পোৱা নাই সর্বোচ্চ নেতাজনৰ। ৫৬ বছৰ বয়সীয়া খামেনেইয়ে আঘাতৰ চিকিৎসাৰ মাজতো দেশখনৰ শীৰ্ষ বিষয়াবৰ্গৰে যুদ্ধ সম্পৰ্কীয় বিষয়ত অডিঅ' কনফাৰেন্সিং অব্যাহত ৰাখিছে।

ৱাশ্বিংটনৰ লগত যুদ্ধ আৰু আলোচনা সম্পর্কীয় গুৰুত্বপূৰ্ণ বিষয়বোৰতো তেওঁ অডিঅ' কনফাৰেন্সিঙৰ জৰিয়তেই নিজ সিদ্ধান্তও ব্যক্ত কৰিছে। উল্লখযোগ্য যে একেটা আক্রমণতে মুজতাবাৰ পিতৃ তথা ইৰানৰ তদানীন্তন সর্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইৰ মৃত্যু হৈছিল। ইফালে, মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে যুদ্ধ-বিৰতি ঘোষণা কৰাৰ পাছতে ইজৰাইলী সামৰিক কয়বাহিনীয়ে (আই ডি এফ) প্রকাশ কৰিছে যে ইৰানৰ পূৰ্বৰ নেতৃত্বতকৈ বৰ্তমানৰ নেতৃত্ব অতি বেছি কঠোৰপন্থী।

আই ডি এফৰ সূত্ৰই প্ৰকাশ কৰিছে যে ইৰানৰ পূৰ্বৰ নেতৃত্ব ধর্মীয় শ্ৰেণীৰ আছিল যদিও বর্তমান ইছলামিক ৰিভ'লিউশ্যনেৰী গার্ড ক'ৰ্পছেহে (আই আৰ জি চি) নেতৃত্ব দিছে দেশখনক। নতুন নেতৃত্ব নিজৰ আদৰ্শৰ ক্ষেত্ৰত পূৰ্বৰ নেতৃত্বকৈও অধিক কঠোৰ আৰু অনমনীয় বুলি প্রকাশ কৰিছে ইজৰাইলী সামৰিক বাহিনীয়ে।

Share This