কৃত্রিম বুদ্ধিমত্তাই দিছে বানৰ আগজাননী

dainik janambhumi April 27, 2026

ডিজিটেল ডেস্ক : কৃত্রিম বুদ্ধিমত্তাৰ (এ আই) প্রয়োগেৰে দেশৰ গুৰুত্বপূৰ্ণ অঞ্চলবোৰত আকস্মিক বানৰ আগজাননী দিয়াব চৰকাৰে। বাৰিষাৰ বতৰত কৃত্রিম বুদ্ধিমত্তা আৰু মেচিন লার্নিং (এ আই-এম এল) প্রয়োগ কৰি দেশৰ গুৰুত্বপূর্ণ দুর্যোগপ্রবণ এলেকাবোৰত কৌশলগতভাৱে চাৰি সপ্তাহৰ পূৰ্বে আকস্মিক বানৰ বিষয়ত আগজাননী দিবলৈ কেন্দ্রীয় জল আয়োগে (চি ডব্লিউ চি) এটা অভ্যন্তৰীণ অধ্যয়নক ইতিমধ্যে ৰূপায়ণ কৰাৰ ব্যৱস্থা কৰিছে। 'নিউ ইণ্ডিয়ান এক্সপ্রেছ' বাতৰিকাকতে প্রকাশ কৰা খবৰ অনুসৰি চি ডব্লিউ চিয়ে এই অধ্যয়নটোত আগতীয়াকৈ বানপ্রবণ অঞ্চলক চিনাক্ত কৰিব পৰাকৈ কৌশল উদ্ভাৱন কৰিছে, যাতে পর্যাপ্ত প্রস্তুতি আৰু বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ আগতীয়া প্রচেষ্টা প্রশাসনে ল'ব পাৰে। বর্তমান সময়লৈকে কেন্দ্রীয় জল আয়োগে বতৰৰ পূর্বানুমানৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (আই এম ডি) ওপৰত নিৰ্ভৰ কৰি আছে। কিন্তু দীর্ঘম্যাদী পূর্বানুমানৰ বাবে আই এম ডি ফলপ্রসূ নহয়।

চি ডব্লিউ চিয়ে শেহতীয়াকৈ সম্প্রসাৰিত পৰিসৰত পূর্বানুমানৰ (ই আৰ পি) বিষয়ত অধ্যয়নটোত প্রকাশ কৰিছে। এই দীর্ঘদিনৰ পূৰ্বে পূর্বানুমান প্রক্রিয়াটো চি ডব্লিউ চিয়ে ইয়াৰ অভ্যন্তৰীণ কাম-কাজত ব্যৱহাৰ কৰিব। বিশেষকৈ হিমালয়ান অঞ্চলৰ দৰে দুৰ্যোগপ্ৰৱণ এলেকাত বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ আগতীয়া প্রস্তুতিৰ বাবে কেন্দ্রীয় জল আয়োগে এই নতুন পূর্বানুমান পদ্ধতি অৱলম্বন কৰিব। দীর্ঘদিনৰ পূৰ্বে পূর্বানুমানৰ প্রক্রিয়া চলাবলৈ ৪ সপ্তাহৰ বাবে সূক্ষ্মভাৱে বতৰৰ পৰিস্থিতিৰ বিশ্লেষণ কৰা হ'ব আৰু আকস্মিক বান অথবা হিমবাহৰ হ্রদ ওফন্দি যোৱাৰ বিষয়ত পূর্বানুমান কৰিব। কেন্দ্রীয় জল আয়োগে এতিয়ালৈকে এই এ আই-এম এল আর্হিটো গংগা, ব্ৰহ্মপুত্ৰ আৰু গোদাবৰী নদীৰ নামনি অংশৰ ৯৪টা স্থানত পৰীক্ষণ কৰিছে।

এই পৰীক্ষণৰ ফলাফলত দেখা গৈছে যে গংগাৰ ২৩টা, ব্ৰহ্মপুত্ৰৰ ৯টা আৰু গোদাবৰীৰ ১টা নামনি অংশত মুঠ ৩১টা স্থানত এই এ আই-এম এল আৰ্হি প্রয়োগেৰে চাৰি সপ্তাহৰ পূৰ্বে কৰা পূর্বানুমান ৭৫% সঠিক হৈছে। অধ্যয়নটোত উল্লেখ আছে যে এই নতুন পূর্বানুমান পদ্ধতিয়ে আকস্মিক বানত আক্রান্ত অঞ্চলবোৰত বানৰ আগজাননী দিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ পৰা দেশৰ আকস্মিক বানত আক্রান্ত অঞ্চলৰ পৰিসংখ্যা লৈ চি ডব্লিউ চিয়ে এ আই-এম এল আৰ্হি প্রয়োগেৰে চাৰি সপ্তাহৰ পূর্বে বানৰ আগজাননী দিব।

Share This