দহ বছৰত মানৱ সভ্যতা নিঃশেষ কৰিব কৃত্রিম বুদ্ধিমত্তাই!

Dainik Janambhumi September 21, 2026

ডিজিটেল ডেস্ক : কৃত্রিম বুদ্ধিমত্তাই (এ আই) এটা সময়ত মানৱ সভ্যতাক পৃথিৱীৰ পৰা নোহোৱা কৰি পেলাব। এই সতর্কবাণী শুনাইছে নোবেল বঁটা বিজয়ী এ আইৰ বিকাশত অগ্রণী ভূমিকা পালন কৰা বিজ্ঞানী জেফ্রি হিন্টনে। হিণ্টনক 'এ আইৰ জনক' বুলিও কোৱা হয়। তেওঁ বাতৰি প্ৰতিষ্ঠান বি বি চিক দিয়া এটা সাক্ষাৎকাৰত কয় যে কৃত্রিম বুদ্ধিমত্তা অর্থাৎ এ আয়ে অহা দহ বছৰত মানৱ সভ্যতা নিঃশেষ কৰি পেলাব পাৰে। অৱশ্যে, ইয়াৰ সম্ভাৱনা ১০% বুলিও তেওঁ লগতে কয়। হিন্টনে কয় যে এ আই মানুহতকৈ অধিক বুদ্ধিমান হোৱাৰ তথ্য প্ৰথমবাৰলৈ পোহৰলৈ আহিছে। সেয়েহে এ আয়ে মানৱ সভ্যতাৰ প্রতি সৃষ্টি কৰা ভাবুকিৰ প্ৰকৃত অনুমান কৰাটো কঠিন। 


উল্লেখযোগ্য যে শেহতীয়া পৰীক্ষাত কেইটামান এ আই মডেলে মানুহৰ সহায় নোলোৱাকৈ সুৰক্ষা বেষ্টনী ভেদ কৰি ছাৰ্ভাৰলৈকে গৈছিল। আন এটা পৰীক্ষাত এ আয়ে নিজকে বন্ধ হোৱাৰ পৰা বচোৱাৰ বাবে এজন বিষয়াৰ নিজৰ ব্যক্তিগত তথ্য ফাদিল কৰাৰ ভাবুকি পর্যন্ত দিছিল। এই তথ্য প্রকাশ পোৱাৰ পাছত হিল্টনে এ আইক লৈ গভীৰ উদ্বেগ প্রকাশ কৰে। এ আইৰ বৰ্তমান যিটো গতিত বিকাশ হ'বলৈ ধৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি হিণ্টনে এ আয়ে মানৱ সভ্যতাৰ প্ৰতি সৃষ্টি কৰা ভাবুকিৰ সময়সীমাও সলনি কৰিছে। ইয়াৰ আগতে ২০২৪ চনৰ ডিচেম্বৰত তেওঁ কৈছিল যে কৃত্রিম বুদ্ধিমত্তাই পৰৱৰ্তী ৩০ বছৰৰ ভিতৰত মানৱ সভ্যতা ধ্বংস কৰিব। তেতিয়া তেওঁ ইয়াৰ সম্ভাৱনা ১০%ৰ পৰা ২০% বুলি উল্লেখ কৰিছিল। এতিয়া তেওঁ এ আয়ে অহা দহ বছৰৰ ভিতৰত মানৱ সভ্যতা ধ্বংস কৰিব বুলি কয়। ২০২৪ চনত নোবেল বঁটাৰে সন্মানিত কৰা হিণ্টনে এ আইক নিজৰ উদ্বেগ প্রকাশ কৰি কয়, 'যদি আপুনি নিশা অতি শান্তিৰে শুব পাৰিছে তেন্তে এ আইৰ প্ৰকৃত ভাবুকিৰ বিষয়ে বুজিয়েই পোৱা নাই। তেওঁৰ মতে এ আয়ে সৃষ্টি কৰা ভাবুকি অতি গুৰুতৰ। এ আইৰ 'গড ফাদাৰ' বুলি কোৱা হিল্টনৰ দৰে একে মত পোষণ কৰিছে এনথ্রপিকৰ এ আই বিশেষজ্ঞ ইভান হুবিংগাৰেও। তেওঁৰ মতে কৃত্রিম বুদ্ধিমত্তাই অহা দহ বছৰত মানৱ সভ্যতাক নিঃশেষ কৰি পেলাব। তেওঁৰ মতে ইয়াৰ সম্ভাৱনা ১০% তকৈ অধিক। 

ইফালে বেংগালুৰুস্থিত ভাৰতীয় বিজ্ঞান প্রতিষ্ঠানক সহকাৰী অধ্যাপক ড° প্রতাপে এটা অনুষ্ঠানত এইবুলি প্রকাশ কৰে যে বিশ্বত এ আইক লৈ যি ঘটি আছে তাক জনাৰ পাছত তেওঁ ভালদৰে শুব পৰা নাই। অ'পেন এ আইৰ পৰা অলপতে পদত্যাগ কৰা জেকব ককছনে এইবুলি কৈছিল যে অহা দহ বছৰৰ ভিতৰত এ আয়ে মানৱ সভ্যতাক ধ্বংস কৰি পেলাব। উল্লেখযোগ্য যে এ আয়ে মানুহক বহুখিনি সহায় কৰিছে, কিন্তু ইয়াৰ বহুল ব্যৱহাৰে মানৱ জাতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাৰ আশংকা দিনকদিনে বৃদ্ধি পাইছে। ইভাৱ হুবিংগাৰৰ মতে এ আয়ে ভৱিষ্যতক লৈ অহৰহ ভাবুকিৰ সৃষ্টি কৰিছে। যেতিয়া এ আই মানুহৰ বুদ্ধিমত্তাতকৈ বহুখিনি আগবাঢ়ি যাব তেতিয়া নিজকে অধিক উন্নত কৰিবলৈ ল'ব। তেনে অৱস্থাত এ আয়ে নিজকে মানুহতকৈ অধিক শক্তিশালী কৰি তুলিব আৰু তেনে অৱস্থাত এ আই মানৱ নিয়ন্ত্ৰণৰ বাহিৰ হৈ যাব। হুবিংগাৰৰ মতে, এনথ্রপিকে এ আইক সুৰক্ষিত কৰি ৰখাৰ বাবে কাম কৰি আছে। কিন্তু ভৱিষ্যতৰ ছুপাৰ ইন্টেলিজেন্সক সম্পূর্ণৰূপে নিয়ন্ত্ৰণ কৰাৰ কোনো নিশ্চিত সমাধান এতিয়ালৈকে ওলোৱা নাই। কেইবাজনো বিশেষজ্ঞই এইবুলি মত পোষণ কৰিছে যে এ আইৰ দ্রুতগতিত হোৱা বিকাশে ইয়াৰ আইনী আৰু প্রশাসনিক নিয়মৰ পৰা বহু আগলৈ লৈ গৈছে। একাংশ বিজ্ঞানীৰ মতে, চাইবাৰ যুগৰ অন্ত বা 'টার্মিনেটৰ'ৰ দৰে ধ্বংসলীলা একো অসম্ভৱ নহয়।

Share This