অৰুণাচলৰ উপ-মুখ্যমন্ত্রী চৌনা মেইনক 'ব্ৰহ্মপুত্ৰ গৌৰৱ' সন্মান প্রদান

dainik janambhumi April 14, 2026

ডিজিটেল ডেস্ক: চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ৪৬ নং চৌখাম বিধানসভা সমষ্টিৰ বিধায়ক তথা উপ-মুখ্যমন্ত্রী চৌনা মেইনক নতুন দিল্লীত অনুষ্ঠিত এখন ৰাষ্ট্ৰীয় সন্মিলনত ব্ৰহ্মপুত্ৰ গৌৰৱ সন্মান প্ৰদান কৰা হয়। উত্তৰ-পূব ভাৰতৰ সাংস্কৃতিক সংৰক্ষণৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে এই সন্মানেৰে তেওঁক সন্মানিত কৰে। 

 

উল্লেখযোগ্য যে ডেৰাডুনস্থিত আই টি আই ডুন সংস্কৃতি বিদ্যালয়ৰ ৰূপালী জয়ন্তী উদযাপনৰ অংশ হিচাপে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ দ্বাৰা নতুন দিল্লীৰ ভাৰত মণ্ডপামত অনুষ্ঠিত 'ভাষা, বিশ্বাস আৰু সংস্কৃতি সংৰক্ষণ, বিজ্ঞান আৰু প্রযুক্তিগত হস্তক্ষেপ জনজাতীয় জীৱনৰ ৰূপান্তৰ' শীর্ষক ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিছিল উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে। চৌনা মেইনে অৰুণাচল প্রদেশত চলি থকা কেইবাটাও পদক্ষেপৰ কথা আঙুলিয়াই দিছিল। দুর্গম অঞ্চলত প্রযুক্তি প্রয়োগ কৰি স্বাস্থ্য সেৱাৰ প্ৰৱেশৰ ব্যৱধান দূৰ কৰাৰ লক্ষ্যৰে টেলিমেডিচিন সেৱা, অফ-গ্রিড গাঁওবোৰক শক্তি প্রদান কৰা সৌৰশক্তিৰ সমাধান আৰু ভৌগোলিকভাৱে বিচ্ছিন্ন অঞ্চলসমূহত শিক্ষণৰ প্ৰৱেশ সম্প্ৰসাৰণ কৰা ডিজিটেল শিক্ষাৰ মঞ্চ আদিৰ বিষয়ে উল্লেখ কৰিছিল। একেদৰে তেওঁ থলুৱা জ্ঞান ব্যৱস্থা সংৰক্ষণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি প্ৰযুক্তিগত সঁজুলিয়ে মৌখিক পৰম্পৰাৰ নথিভুক্তকৰণ, পাণ্ডুলিপিৰ ডিজিটেলাইজেশ্যন আৰু বহল বজাৰত পৰম্পৰাগত শিল্পকৰ্মৰ প্ৰচাৰত সহায়ক হোৱাৰ ফলত সাংস্কৃতিক সংৰক্ষণক অর্থনৈতিক সুযোগৰ সৈতে কেনেকৈ সংযোগ কৰিব পাৰি এই বিষয়তো বিস্তৃত বর্ণনা আগবঢ়াইছিল। তেওঁ ডিজিটেল যুগত ভাষিক অন্তর্ভুক্তি নিশ্চিত কৰাৰ প্রচেষ্টাসমূহৰ ওপৰতো আলোকপাত কৰি জনজাতীয় লিপিসমূহৰ বাবে ইউনিক'ড সংহতিৰ কামকে ধৰি আধুনিক যোগাযোগ ব্যৱস্থাত ইয়াৰ ব্যৱহাৰ সক্ষম কৰিব পৰা যায় বুলি উল্লেখ কৰে। 

 

জ্ঞান ভাৰতম অভিযানৰ দৰে জাতীয় পদক্ষেপৰ কথা উল্লেখ কৰি মেইনে ভাৰতৰ পাণ্ডুলিপি ঐতিহ্য আৰু পৰম্পৰাগত জ্ঞান ব্যৱস্থা সংৰক্ষণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক স্বীকাৰ কৰে। বঁটা গ্ৰহণ কৰি উপ-মুখ্যমন্ত্ৰী মেইনে এই বঁটাটো অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ বাবে উৎসৰ্গা কৰি কয়- 'এই স্বীকৃতি কেৱল ব্যক্তিগত সন্মান নহয়, অৰুণাচল প্ৰদেশৰ স্থিতিস্থাপক আৰু সজীৱ জনজাতীয় সম্প্ৰদায়ৰ প্ৰতি শ্ৰদ্ধাঞ্জলি, যাৰ চহকী ঐতিহ্য, প্রজ্ঞা, মূল্যবোধে আমাক প্রতিদিনে অনুপ্রাণিত কৰি আহিছে। আমি এনে এটা ভবিষ্যৎ গঢ়ি তোলাৰ বাবে প্রতিশ্রুতিবদ্ধ হৈ আছোঁ য'ত প্রগতিয়ে আমাৰ শিপা শক্তিশালী কৰে। আমাৰ যুৱক-যুৱতীসকলক শক্তিশালী কৰে আৰু আমাৰ অনন্য পৰিচয়ক সুৰক্ষিত কৰে।' উপ-মুখ্যমন্ত্রী চৌনা মেইনৰ সমান্তৰালকৈ তেওঁৰ পত্নী তথা প্রাক্তন বিধায়িকা নাং সতী মেইনকো সম্বর্ধনা জনোৱা হয়।

Share This