ব্রাজিলৰ প্ৰথম খেলত নাথাকিব নেইমাৰ

dainik janambhumi May 30, 2026

ডিজিটেল ডেস্ক : ব্রাজিলৰ তাৰকা ফৰৱাৰ্ড নেইমাৰে নিজ দেশৰ আসন্ন প্রীতি মেচৰ লগতে বিশ্ব কাপৰ প্ৰথম খেলতো অংশ ল'ব নোৱাৰিব। কলাফুলৰ আঘাতৰ বাবে তেওঁ দুইৰ পৰা তিনি সপ্তাহলৈ খেলপথাৰৰ পৰা আঁতৰি থাকিব লাগিব। ইয়াৰ ফলত দেওবাৰে ঘৰৰ মাটিত পানামাৰ বিৰুদ্ধে প্রীতি মেচত নাথাকিব তাৰকা ফুটবলাৰগৰাকী। 

লগতে ৬ জুনত অহিঅ'ত ইজিপ্তৰ বিপক্ষে প্রীতি মেচতো খেলিব নোৱাৰিব নেইমাৰে। ৫ বাৰৰ বিশ্ব চেম্পিয়ন ব্রাজিলে ১৩ জুনত মৰক্কোৰ বিৰুদ্ধে খেলেৰে বিশ্ব কাপত অভিযান আৰম্ভ কৰিব। গ্রুপ 'চি'ত স্থান পোৱা ব্রাজিলৰ প্ৰথম খেলখন হ'ব নিউ জাছীত। 

ইয়াৰ পাছত ১৯ জুনত ফিলাডেলফিয়াত হাইটিৰ বিৰুদ্ধে পৰৱৰ্তী মেচখন খেলিব। স্কটলেণ্ডৰ বিৰুদ্ধে মিয়ামীত ২৪ জুনত নামিব ব্রাজিল। কলাফুলৰ আঘাত সমস্যাত ভোগা নেইমাৰক দুই অথবা তিনি সপ্তাহৰ ভিতৰত সম্পূৰ্ণ ফিট হোৱা বুলি ঘোষণা কৰাৰ সম্ভাৱনা আছে।

Share This