গুমিন মিজেক শীঘ্রেই মুকলিৰ দাবী অৰুণাচলী সংগঠনৰ, অৰুণাচলৰ পৰা অসমীয়াক উচ্ছেদৰ হুংকাৰ

dainik janambhumi May 26, 2026

ডিজিটেল ডেস্ক: অৰুণাচল প্ৰদেশৰ এন্টি ড্ৰাগছ ৱাৰিঅৰ গুমিন মিজেক লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাক লৈ লখিমপুৰৰ আৰক্ষী-প্রশাসন আৰু অৰুণাচলী সংগঠনৰ মাজত এক সংঘাতময় পৰিস্থিতিৰ সৃষ্টি হৈছে। 

উল্লেখযোগ্য যে লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গুমিন মিজে অৰুণাচল প্রদেশ এন্টি ড্রাগ ৱাৰিয়ৰ সংস্থাৰ সভাপতি। সেয়ে মিজেক গ্রেপ্তাৰ কৰা বিষয়টোক লৈ অৰুণাচল প্ৰদেশৰ সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত প্ৰচাৰিত হৈছে বহু বিভ্রান্তিকৰ তথ্য। এনে সন্ধিক্ষণত কালি এক সংবাদমেলযোগে স্থিতি স্পষ্ট কৰিলে লখিমপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকাই। সংবাদমেল সম্বোধন কৰি আৰক্ষী অধীক্ষকে কয় যে বৰ্তমানৰ গোচৰৰ ভুক্তভোগী ৰূপম কাকতি হৈছে বাবু কাকতিৰ পুত্ৰ, চেঁচা ৰাজগড় গাঁৱৰ বাসিন্দা (শিমলুগুৰি আৰক্ষী চকী, বিহপুৰীয়া আৰক্ষী থানা, লখিমপুৰ জিলা)। তেওঁ এই গোচৰৰ অভিযোগকাৰী পলি কাকতিৰ স্বামী। ৰূপম কাকতি পেছাত এজন চাহ খেতিয়ক। 

২০২৪ চনৰ পৰা তেওঁ ড্ৰাগছৰ প্ৰতি আসক্ত হৈ পৰিছিল যদিও চলিত বছৰৰ আৰম্ভণিৰ পৰা তেওঁ চিকিৎসকৰ পৰামৰ্শ অনুসৰি এই আসক্তি এৰিবলৈ চেষ্টা কৰি আহিছে আৰু বৰ্তমান ডিটক্সিফিকেশ্যন পর্যায়ত আছে। 

উল্লেখযোগ্য যে যোৱা ৬ ফেব্ৰুৱাৰীৰ দুপৰীয়া প্রায় ৩ বজাত, তেওঁ নিজৰ চাহ বাগিচাত কাম কৰি থকা সময়ত অৰুণাচল প্ৰদেশৰ পৰা অহা ৫/৬ জন অসামৰিক পোছাক পৰিহিত ব্যক্তিয়ে তেওঁৰ বাসগৃহত প্ৰৱেশ কৰি তেওঁক বলপূর্বক বলেৰ' বাহনৰ সৈতে লৈ যায়। উক্ত অভিযুক্তসকলে ডইপুং অঞ্চলত তেওঁলোকৰ গাড়ী ৰখাই ৰূপম কাকতিক ৭ লাখ টকা দাবী কৰে আৰু ধন নিদিলে অৰুণাচল প্রদেশত ড্ৰাগছৰ গোচৰত জড়িত কৰাৰ ভাবুকি দিয়ে। ইয়াৰ ভিত্তিত ৬ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৭-১০ বজাত বান্দৰদেৱা আৰক্ষীয়ে অৰুণাচল আৰক্ষীৰ সহযোগত অভিযুক্ত গুমিন মিজেক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জিম্মাত ৰখা হৈছে। 

আৰক্ষীৰ প্ৰাথমিক তদন্তত প্রকাশ পায় যে গুমিন মিজেৰ ঘৰ (৪৩)। প্রয়াত টাগেন মিজেৰ পুত্ৰ, গাঁও- চিবুট, আৰক্ষী থানা- পাছিঘাট, জিলা- পূব ছিয়াং, অৰুণাচল প্রদেশত। ১৫ মে'ত ৰূপম কাকতিক ধৰিবলৈ চেষ্টা কৰাৰ সময়ত গুমিন মিজেই নিজৰ ২২ ৰিভলভাৰৰ পৰা দুটা গুলী চলাইছিল। এই সন্দৰ্ভত লখিমপুৰ আৰক্ষীয়ে অৰুণাচল আৰক্ষীৰ লগত যোগাযোগ কৰাৰ লগে লগে অৰুণাচল প্রদেশ আৰক্ষীয়ে তৎপৰতাৰে সঁহাৰি জনাই অভিযুক্ত গুমিন মিজেক আটক কৰে। পাছত লখিমপুৰ আৰক্ষীয়ে ইটানগৰ থানাৰ পৰা তেওঁক নিজৰ জিম্মালৈ আনে। এই ঘটনাৰ সৈতে জড়িত হৈ বিহপুৰীয়া থানাত গোচৰ নং ৭২/২০২৬ এটা ৰুজু কৰা হয়। য'ত বি এন এছ-ৰ 329(1)/329(2)/117(1)/117(2)/109/312/324/74/3(5) ধাৰা আৰু আৰ্ম এক্টৰ 27(1)/27(2) ধাৰা প্ৰয়োগ কৰি তদন্ত অব্যাহত আছে। 

উল্লেখযোগ্য যে দুদিনীয়া আৰক্ষী জিম্মাৰ অন্তত গুমিন মিজেক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। আৰক্ষীৰ মতে, গুমিন মিজেৰ কোনো বৈধ ক্ষমতা নাছিল যে তেওঁ এটা অপঞ্জীয়নভুক্ত এন জি অ'ৰ নামত অসমৰ ভিতৰত একপক্ষীয়ভাৱে অভিযান চলাই অপহৰণ, ভয়-ভাবুকি, অবৈধ অনুপ্ৰৱেশ আৰু আগ্নেয়াস্ত্ৰৰ অবৈধ ব্যৱহাৰৰ দৰে অপৰাধ সংঘটিত কৰিব। ইয়াৰ প্ৰাথমিক প্রমাণ আৰক্ষীয়ে দাঙি ধৰি মিজেক ন্যায়িক জিম্মাত ৰখাৰ ব্যৱস্থা কৰিছে। ইফালে এই সংবাদমেলৰ পাছতে লখিমপুৰ আৰক্ষী অধীক্ষকৰ কার্যালয়ত কালি উপস্থিত হয় অৰুণাচল প্ৰদেশৰ ছাত্ৰ সংগঠনৰ কেইবাজনো নেতা। অল অৰুণাচল য়ুথ অর্গেনাইজেশ্যন আৰু আদি ষ্টুডেন্ট ইউনিয়ন আদি মিচিং ইউনিয়নৰ নেতাসকলে স্পষ্ট কৰে যে গুমিন মিজে এজন সমাজ হিতৈষী ব্যক্তি। ড্রাগছমুক্ত অৰুণাচল গঢ়িবলৈ তেওঁ এখন সংগ্রাম চলাই আছে। তেওঁক এইধৰণে অসম পুলিচে গ্ৰেপ্তাৰ কৰা বিষয়টো ভাল হোৱা নাই। তেওঁক শীঘ্রেই মুকলি কৰি দিব লাগে। অন্যথা অৰুণাচলত বাস কৰা অসমৰ লোকৰ ওপৰতো চলিব উচ্ছেদ।

Share This