বিষয়টো মই গমেই পোৱা নাছিলোঁ : মন্ত্ৰী চৰণ বড়ো, ব্যক্তিগত খণ্ডক গতাব গুৱাহাটীৰ আই এছ বি টি

dainik janambhumi May 26, 2026

ডিজিটেল ডেস্ক : গুৱাহাটীৰ বেতকুছিত থকা আন্তঃৰাজ্যিক বাছ আস্থানৰ (আই এছ বি টি)ৰ পৰিচালনা ব্যক্তিগত খণ্ডৰ হাতত অর্পণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইয়াৰ প্ৰথম পদক্ষেপ হিচাপে বাছ আস্থানটোৰ পার্কিং ব্যৱস্থাটো ব্যক্তিগত প্রতিষ্ঠানক গতোৱাৰ বাবে নিবিদা আহ্বান কৰা হৈছে। কিন্তু আচৰিত কথা যে এই প্রক্রিয়াটোৰ কথা খোদ পৰিবহণ মন্ত্ৰীগৰাকীয়ে নাজানে। আজি সাংবাদিকৰ আগত পৰিবহণ বিভাগৰ মন্ত্ৰী চৰণ বড়োৱে কয়, 'বিষয়টো মই গমেই পোৱা নাছিলোঁ। 

কালি মই পুৱা বাতৰি চাইহে গম পালোঁ।' মন্ত্রী বড়োৰ মতে, 'টেণ্ডাৰখন এঘাৰ মে'ত ওলাইছে। কিন্তু মই মন্ত্রী হিচাপে শপত লৈছোঁ বাৰ মে'তহে। গতিকে কি হৈছে মই নাজানো।' ইফালে এ এছ টি চি এটা কৰ্প'ৰেশ্যন বুলি উল্লেখ কৰি তেওঁ কয় যে টেণ্ডাৰ এখনৰ বাবে ব'র্ডে সিদ্ধান্ত ল'ব লাগে। এতিয়ালৈকে মই গম পোৱা নাই ব'র্ডে উক্ত টেণ্ডাৰখনৰ বাবে অনুমোদন দিছিল নে নাই।' অৱশ্যে সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে ল'ম বুলি উল্লেখ কৰি তেওঁ জনায় যে শীঘ্রেই এই সন্দর্ভত তেওঁ এ এছ টি চিৰ সৈতে আলোচনা কৰিব। 

প্রণিধানযোগ্য যে এসময়ত অসমৰ ৰাজপথত দপদপাই থকা ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচিত 'ৰঙা বাছ'সমূহ এতিয়া যেন ইতিহাস হ'বলৈ গৈ আছে। চৰকাৰী বাছ এতিয়া পথত প্রায় নোহোৱাই হ'ল। ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা নিগমৰ বহুমূলীয়া ভূ-সম্পত্তিসমূহ সুচাৰুৰূপে পৰিচালনা কৰাত চূড়ান্তভাৱে ব্যর্থ হোৱা কৰ্তৃপক্ষই এতিয়া বেতকুছিস্থিত আন্তঃৰাজ্যিক বাছ আস্থানৰ (আই এছ বি টি)ৰ পৰিচালনা ব্যক্তিগত খণ্ডৰ হাতত অর্পণ কৰাৰ যো-জা চলাইছে। ইয়াৰ প্ৰথম পদক্ষেপ হিচাপে বাছ আস্থানটোৰ পার্কিং ব্যৱস্থাটো ব্যক্তিগত প্রতিষ্ঠানক গতোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। অর্থাৎ, আস্থানটোলৈ অহা প্ৰতিখন বাছৰ পৰা প্ৰৱেশ মাচুল সংগ্ৰহ কৰাৰ দায়িত্ব এতিয়াৰে পৰা ব্যক্তিগত প্রতিষ্ঠানে লাভ কৰিব। 

যোৱা ১৩ মে' তাৰিখে নিগমে এই সন্দৰ্ভত এক আনুষ্ঠানিক নিবিদা প্রকাশ কৰিছে। চুক্তি অনুসৰি, নিৰ্বাচিত ব্যক্তিগত প্রতিষ্ঠানক প্ৰাৰম্ভিকভাৱে ৩ বছৰৰ বাবে পার্কিঙৰ দায়িত্ব অর্পণ কৰা হ'ব। নিবিদাত অংশগ্রহণ কৰিব বিচৰা প্রতিষ্ঠানে ন্যূনতম ১১.৫০ লাখ টকাৰ নিৰিখ দাখিল কৰিব লাগিব। ইয়াৰ বাবে আমানত ধন হিচাপে মাত্র ১ লাখ টকা জমা দিব লাগিব। ইফালে আই এছ বি টি ব্যক্তিগত খণ্ডক গতাই দিবলৈ ওলোৱাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ আই এছ বি টিৰ লগত জড়িত বাছ চালক আৰু কৰ্মচাৰীসকলে তীব্র ক্ষোভ প্রকাশ কৰি এয়া নিগমৰ ভৱিষ্যতৰ প্ৰতি এক অশুভ সংকেত বুলি মত প্রকাশ কৰিছে।

Share This