ডিজিটেল ডেস্ক : ২০২৬ ফিফা বিশ্বকাপ ফুটবলৰ কাউন্ট ডাউন আৰম্ভ হৈছে। ইয়াৰ আগেয়ে আর্জেন্টিনাৰ দললৈ আহিছে এক উদ্বেগৰ খবৰ। ইণ্টাৰ মিয়ামীৰ হৈ খেলাৰ সময়তে হঠাৎ খেলপথাৰ ত্যাগ কৰে আর্জেন্টিনাৰ তাৰকা ফুটবলাৰগৰাকীয়ে। ফুটবল বিশ্বৰ মহাৰণখনলৈ মাথোঁ ১৭ দিন বাকী। এই ঘটনাই ব্রাজিল দলৰ শিবিৰত উদ্বিগ্নতা বৃদ্ধি পাইছে। মিয়ামীৰ এন ইউ ষ্টেডিয়ামত ফিলাডেলফিয়া ইউনিয়নৰ বিৰুদ্ধে খেলখনত ৭০ মিনিটত ফ্রী কিক লোৱাৰ পাছত তেওঁ বাওঁ উৰুৰ ওপৰৰ অংশত অস্বস্তি অনুভৱ কৰে। মেছিয়ে খেলপথাৰ এৰাৰ সিদ্ধান্ত লয়।
৭৩ মিনিটত তেওঁৰ স্থান পূৰ কৰে মাট্রেড ছিলভেটিয়ে। খেলপথাৰ এৰাৰ সময়ত অথবা ড্রেছিং ৰূমলৈ যোৱাৰ পথত তেওঁক অতিৰিক্ত সহায়ৰ প্ৰয়োজন হোৱা নাছিল। সবাতোকৈ বেছি উদ্বেগ বৃদ্ধি কৰিছে তেওঁ খেলপথাৰ এৰাৰ পাছৰ আচৰণে। কাৰণ ডাগ আউটত থকাৰ পৰিৱৰ্তে তেওঁ ড্রেছিং ৰূমলৈ উভতি যায়। খেলৰ অন্তত মেছিৰ আঘাতৰ প্ৰসংগত মিয়ামীৰ প্ৰশিক্ষক গিলের্মো হয়োসে কয়, 'এই মুহূৰ্তত মেছিৰ আঘাতক লৈ নিশ্চিতকৈ কোনো কথা ক'ব নোৱাৰি। কাৰণ আমাৰ হাতত কোনো মেডিকেল ৰিপ'ৰ্ট নাই। তথাপি যিমানখিনিলৈ জানিব পাৰিছোঁ, তেওঁ খুব ক্লান্ত আছিল।
এনে অৱস্থাত ৰিস্ক লোৱা সঠিক নহয়।' ইফালে, আর্জেন্টিনাৰ সংবাদ মাধ্যমৰ মতে, ফিলাডেলফিয়া ইউনিয়নৰ বিৰুদ্ধে ৬-৪ ব্যৱধানত জয়ী হোৱা খেলখনত মেছিয়ে সাৱধানতা অবলম্বন কৰিয়েই খেলপথাৰ ত্যাগ কৰিছিল। ৩৮ বছৰীয়া মেছিয়ে এই ছিজনত ১৪খন মেচ খেলি ১২টা গ'ল দিয়াৰ বিপৰীতে দলৰ ৭টা গ'লত সহযোগিতা আগবঢ়াইছিল।