বন্ধ কৰা হ'ল 'ককৰ'চ জনতা পার্টি'ৰ ৱেবছাইট

dainik janambhumi May 26, 2026

ডিজিটেল ডেস্ক : ইণ্টাৰনেট মাধ্যমত কেন্দ্ৰীয় চৰকাৰলৈ তীব্ৰ প্রত্যাহ্বান কঢ়িয়াই অনা 'ককৰ'চ জনতা পার্টি'ৰ (চি জে পি) ৱেবছাইটটো অৱশেষত বন্ধ কৰি দিয়া হ'ল। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্য কান্তে দেশৰ নিবনুৱা যুৱক-যুৱতীসকলক পঁইতাচোৰা বুলি অভিহিত কৰাৰ পাছতে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে দেশৰ কোটি কোটি 'জেন জি'। ইণ্টাৰনেটত 'ককৰ'চ জনতা পার্টি' নামেৰে ৱেবছাইট আৰম্ভ কৰাৰ লগতে ইনস্টাগ্রাম, এক্সতো ব্যংগাত্মক একাউণ্ট খুলি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে। 

চি জে পিৰ অনুগামীৰ সংখ্যা দিনক-দিনে বৃদ্ধি পোৱাত শংকিত হৈ কেন্দ্ৰীয় চৰকাৰে যুৱপ্ৰজন্মৰ সদস্যসকলে আৰম্ভ কৰা এই ইনস্টাগ্রাম, এক্স একাউন্টসমূহ বন্ধ কৰাৰ পাছত অৱশেষত শনিবাৰে ৱেবছাইটটোও বন্ধ কৰি দিয়ে। 'ককৰ'চ জনতা পার্টি'ৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপ্‌ক্কেই চৰকাৰৰ এই সিদ্ধান্তক 'একনায়কত্ববাদী' আখ্যা দিছে। চৰকাৰে বন্ধ কৰি দিয়াৰ পূৰ্বে ৱেবছাইটটোত ১০ লাখ লোকে 'ছাইন আপ' কৰিছিল। ইফালে অভিজিৎ দীপ্‌স্কেৰ মহাৰাষ্ট্ৰৰ চক্রপতি ছম্ভাজিনগৰত থকা পিতৃ গৃহটো কঠোৰ আৰক্ষী বেষ্টনিৰ মাজত ৰখা হৈছে। দীকে বর্তমান আমেৰিকাৰ বষ্টনত অধ্যয়নৰত। তেওঁৰ পিতৃ গৃহৰ সন্মুখত যাতে যুৱপ্ৰজন্মই ভিৰ কৰিব নোৱাৰে সেয়া নিশ্চিত কৰাৰ বাবে আৰক্ষীয়ে ব্যৱস্থা গ্রহণ কৰিছে। 

ইফালে 'ককৰ'চ জনতা পাৰ্টিৰ (চি জে পি) বেছিভাগ অনুগামীয়ে পাকিস্তানৰ বুলি বিজেপিয়ে কৰা অভিযোগৰ প্ৰত্যুত্তৰত দীপ্‌ক্কেই কয় যে চি জে পিৰ ৯৪% অনুগামীয়ে হৈছে ভাৰতীয়। ইফালে, চি জে পিয়ে সামাজিক মাধ্যমত যুৱপ্ৰজন্মৰ মাজত অপাৰ জনপ্রিয়তা লাভ কৰাৰ পাছতে চাইবাৰ অপৰাধীয়েও ইয়াৰ সুযোগ লোৱা বুলি প্রকাশ কৰিছে পঞ্জাব আৰক্ষীয়ে। লুধিয়ানাত ম'বাইল ফ'নসমূহলৈ চাইবাৰ অপৰাধীয়ে সন্দেহজনক আৰু ভাইৰাছযুক্ত লিংক প্ৰেৰণ কৰা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

Share This