ডিজিটেল ডেস্ক : অৰুণাচল প্রদেশত ধাৰাসাৰ বৰষুণ আৰু আকস্মিক বানপানীৰ পাছত অসম চৰকাৰে হাই এলার্ট জাৰি কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যৰ মুখ্য সচিবে সকলো সংশ্লিষ্ট কর্তৃপক্ষৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি তেওঁলোকক সম্পূৰ্ণৰূপে সতর্ক হৈ থাকিবলৈ তথা সকলো প্রয়োজনীয় প্রস্তুতিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা অতি প্রবল বৰষুণ আৰু আকস্মিক বানপানীৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা ৰাজ্য চৰকাৰে এইবানৰ প্ৰভাৱ নামনি অসমৰ কেইবাখনো জিলাত পৰাৰ সম্ভাৱনাৰ কথা জনাইছে।
গুৱাহাটীস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ আৰু ইটানগৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত নামনি সোৱণশিৰি জিলাৰ য়াজালী ষ্টেছনত প্রায় ৭২.৮ মিলিমিটাৰ বৰষুণৰ পৰিমাণ ৰেকৰ্ড হৈছে। এই বৰষুণৰ এক বৃহৎ অংশ কালি পুৱা ৬ বজাৰ পৰা ৯ বজাৰ ভিতৰত হৈছিল। উপগ্ৰহ আৰু ৰাডাৰৰ চিত্ৰই সূচাইছে যে পুৱা ৬ বজাৰ পৰা ৭-৩০ বজাৰ ভিতৰত প্ৰচণ্ড ধাৰাসাৰ বৰষুণ হৈছিল, যাৰ ফলত আকস্মিক বানপানীৰ সৃষ্টি হয় আৰু ওখ পাহাৰীয়া জলগ্রহণ এলেকাত নদীৰ পানীৰ প্ৰৱাহ বুজন পৰিমাণে বৃদ্ধি পায়। পানীৰ নামনি জলবিদ্যুৎ প্ৰকল্পৰ (পূৰ্বৰ ৰঙানদী জলবিদ্যুৎ প্রকল্প) এলেকাত আকস্মিক বানে আতংকৰ সৃষ্টি কৰিছে। নদীত পানীৰ সোঁত হঠাৎ বৃদ্ধি পোৱাৰ বাবে প্ৰকল্পটোৰ কৰ্তৃপক্ষই এক জৰুৰী ব্যৱস্থা হিচাপে এটা স্পিলৱে গেট খুলি দি অতিৰিক্ত পানী এৰি দিবলৈ বাধ্য হয়। য়াজালিৰ পৰা পোৱা খবৰ অনুসৰি, হঠাতে অহা এই বান আৰু ভূমিস্খলনৰ ফলত হোৱা ধ্বংসাৱশেষে অঞ্চলটোৰ কেইবাটাও ঘৰ আৰু আন্তঃগাঁথনিৰ ক্ষতিসাধন কৰিছে। উজনিৰ অৱবাহিকাসমূহত হোৱা প্ৰবল বৰষুণ আৰু নদীৰ পানীৰ স্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত অসমৰ নামনি অঞ্চলৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহতো পানীৰ স্তৰ আৰু সোঁতৰ গতিবেগ যথেষ্ট বৃদ্ধি পোৱাৰ আশংকা আছে।
এই বানৰ প্ৰভাৱ প্ৰথমে ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত পৰিব বুলি আশংকা কৰা হৈছে। পৰৱৰ্তী একৰ পৰা দুদিনৰ ভিতৰত এই বানৰ প্ৰভাৱ ক্রমান্বয়ে নামনিৰ অন্যান্য জিলাসমূহ হৈ ধুবুৰীলৈকে বিয়পি পৰাৰ সম্ভাৱনা আছে। ৰাজ্যখনৰ উচ্চস্তৰীয় পৰ্যায়ত এই পৰিস্থিতি পর্যবেক্ষণ কৰা হৈছে। সম্ভাব্য প্ৰভাৱিত জিলাসমূহৰ জিলা প্রশাসন আৰু সংশ্লিষ্ট বিভাগসমূহক তীক্ষ্ণ নজৰ ৰাখিবলৈ আৰু সময়মতে প্ৰতিৰোধমূলক তথা সঁহাৰিমূলক পদক্ষেপ গ্ৰহণ কৰিবলৈ কোৱা হৈছে। এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু অন্যান্য জৰুৰীকালীন সঁহাৰি সংস্থাসমূহৰ দলসমূহক নিয়োগৰ বাবে সাজু কৰি ৰখা হৈছে আৰু ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াসকলক নদীৰ স্থিতি তথা স্পৰ্শকাতৰ স্থানসমূহ সূক্ষ্মভাৱে পর্যবেক্ষণ কৰিবলৈ নির্দেশ দিয়া হৈছে। নদী কাষৰীয়া চাপৰি আৰু বানপ্ৰৱণ এলেকাসমূহত বসবাস কৰা লোকসকলক সতর্ক হৈ থাকিবলৈ আৰু প্ৰয়োজন সাপেক্ষে স্থানীয় প্রশাসনৰ পৰামৰ্শ অনুসৰি নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। নাগৰিকসকলক প্লাবিত এলেকাসমূহলৈ নাযাবলৈ আৰু এই সময়ছোৱাত ব্ৰহ্মপুত্র তথা অন্যান্য নদীত দেশী নাও আৰু অন্যান্য সৰু জলযানেৰে যাতায়াত কৰাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱা হৈছে, কিয়নো নদীৰ সোঁত যথেষ্ট বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ৰাজ্য চৰকাৰে সকলো সংশ্লিষ্ট সংস্থা আৰু জিলা প্রশাসনৰ সৈতে ধাৰাবাহিকভাৱে সমন্বয় ৰক্ষা কৰি চলিছে আৰু জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত প্রয়োজন অনুসৰি পৰামৰ্শাৱলী জাৰি কৰাৰ লগতে আৰু শেহতীয়া তথ্য অৱগত কৰি থাকিব।