ডিজিটেল ডেস্ক : শক্তিপীঠ কামাখ্যা ধামৰ অম্বুবাচী মহাযোগ উপলক্ষে অসংখ্য ভক্তৰ সমাগম ঘটিছে। দেশ-বিদেশৰ পৰা কামাখ্যালৈ আহিছে সাধু-সন্ন্যাসীৰ লগতে দর্শনার্থী অজস্র। ভক্ত আৰু দর্শনার্থীৰ লানি নিছিগা ভিৰত নীলাচলত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে। দেৱী বন্দনাৰ ধ্বনিৰে মুখৰ হৈ পৰিছে নীলাচলৰ দশোদিশ। অম্বুবাচীৰ তৃতীয় দিনটোতো হাজাৰ হাজাৰ ভক্তই ভিৰ কৰে নীলাচলৰ বুকুত। দেশ-বিদেশৰ ভক্তৰ ভিৰেৰে ভক্তিৰসত বুৰ গৈছে কামাখ্যাৰ চৌপাশৰ পৰিৱেশ। উৎকট গৰমকো নেওচি মা কামাখ্যাৰ আশিস লাভৰ আশাত ভক্তসকল মনোবাঞ্ছা পূৰণৰ কামনাৰে আহিছে।
পৌৰাণিক বিশ্বাস অনুসৰি এই সময়ছোৱাত কামাখ্যা দৰ্শন কৰিলে ভক্তসকলৰ মনৰ ইচ্ছা পূৰণ হোৱাৰ লগতে দেৱীৰ আশীৰ্বাদ লাভ কৰে। এই বিশ্বাস অনুসৰিয়েই প্ৰতিবছৰে দেৱীৰ আশীৰ্বাদ লাভ কৰিবৰ বাবেই শক্তিপীঠ কামাখ্যালৈ দেশ-বিদেশৰ পৰা লাখ লাখ ভক্তৰ আগমন ঘটে। ইফালে অম্বুবাচীত ভক্ত তথা দৰ্শনাৰ্থীসকলৰ সুবিধা আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দেৱালয় কর্তৃপক্ষৰ লগতে জিলা প্রশাসন আৰু পর্যটন নিগমে পর্যাপ্ত ব্যৱস্থা গ্রহণ কৰিছে। কিন্তু ইয়াৰ মাজতো কামাখ্যাত ক্ৰমাৎ দূৰণিবটীয়া ভক্তৰ সমাগম বৃদ্ধি পোৱাত কিছু সমস্যাৰ সৃষ্টি হৈছে। প্ৰশাসনৰ ব্যৱস্থাক লৈ একাংশ লোকে ক্ষোভ প্রকাশ কৰিছে। প্ৰশাসনৰ ভুলৰ বাবেই বহু লোক অসুস্থ হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ লগতে মূল পথৰ ভিন্ন প্ৰান্তত বেৰিকেড থকাৰ বাবেও সমস্যা হোৱা বুলি ভক্তসকলে জানিবলৈ দিছে। উল্লেখযোগ্য যে অম্বুবাচী মেলা উপলক্ষে দূৰ-দূৰণিৰ পৰা অহা ভক্তসকলে যাতে স্বচ্ছ আৰু নিকা পৰিৱেশত মা কামাখ্যাৰ আশিসপুষ্ট হ'ব পাৰে তাৰ প্ৰতি চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে। সেই অনুসৰি কালি পুৱাৰ ভাগতে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে ভূতনাথ শ্মশানৰ সন্মুখৰ পৰা মা-কামাখ্যা মন্দিৰলৈ পৌৰ নিগমৰ ছাফাই কাৰ্যসূচী পৰিদৰ্শন কৰাৰ লগতে সামগ্রিক পৰিৱেশৰ বুজ লয়। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া আৰু আয়ুক্ত চিন্ময় প্রকাশ ফুকন উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে ছাফাই কার্যসূচী পদিৰ্শন কৰি সংশ্লিষ্ট সকলোকে নিষ্ঠাসহকাৰে নিজ নিজ দায়িত্ব পালন কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে ছাফাই অভিযান ২৪ ঘণ্টাই চলি থকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
আনহাতে অম্বুবাচীৰ সময়ত দায়িত্বত থকা বিষয়াসকলক প্রতি মুহূৰ্তৰ ফটোৰ লগতে লাইভ ল'কেশ্যন তেওঁলৈ প্ৰেৰণ কৰি থাকিবলৈ নিৰ্দেশ দিয়াৰ লগতে কেইবাজনো বিষয়াক অম্বুবাচীৰ দায়িত্ব ভালদৰে পালন নকৰাৰ বাবে মন্ত্রী কৌশিক ৰায়ে ধমক দিয়ে। ইফালে শেহতীয়াকৈ অহা খবৰ অনুসৰি অম্বুবাচী মেলাৰ কৰ্তব্যত গাফিলতি কৰাৰ বাবে তিনিগৰাকী বিষয়াক তৎকালীনভাৱে নিলম্বন কৰা হৈছে। বিভাগীয় মন্ত্রী কৌশিক ৰায়ৰ নিৰ্দেশ মর্মে আব্দুল হুছেইন, প্রদীপ শৰ্মা আৰু শিৱাশিস বৰুৱাক নিলম্বন কৰা হৈছে। জানিব পৰা মতে মন্ত্ৰীৰ ছাডেন ভিজিটৰ সময়ত বিষয়াকেইজনে কামত গাফিলতি কৰিছিল।