২৩ বছৰত ৰাজ্যত হ্রাস ৭৭ হাজাৰ হেক্টৰ বনভূমি

dainik janambhumi June 25, 2026

ডিজিটেল ডেস্ক : সমগ্র বিশ্ব এতিয়া গ্ল'বেল ৱামিঙৰ গ্ৰাসত। আনকি ইউৰোপকো এতিয়া দহিছে উৎকট গৰমে। বিশ্বৰ বিকশিত দেশসমূহত হোৱা উন্নয়নমূলক কাম-কাজ, নতুন নির্মাণকাৰ্য আদিৰ বাবে এই দেশসমূহত দৈনিক ব্যাপক হাৰত ধ্বংস হৈছে বন ভূমি। যাৰ ফলত দ্রুতগতিত হ্রাস পাই আহিছে পৃথিৱীৰ আৱৰণ। ইয়াৰ বাবেই বিশ্বত এতিয়া অন্যতম সন্ত্রাসৰূপে পৰিচিত হৈছে গ্ল'বেল বার্মিং। এনে সময়তে বিশ্বৰ এটা নিৰ্ভৰযোগ্য সংস্থা গ্ল'বেল ফৰেষ্ট ৱাছ নামৰ সংস্থাটোৱে প্ৰকাশ কৰা বছৰেকীয়া প্রতিবেদনত প্রকাশ পাইছে অসমৰ বাবে এক উদ্বেগজনক তথ্য। 

এই তথ্য অনুসৰি অসমে ২০০১ চনৰ পৰা হেৰুৱালে হাজাৰ হাজাৰ হেক্টৰ সেউজ আৱৰণ। আন্তর্জাতিক সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি বিগত প্রায় বিশটা বছৰত অসমে হেৰুৱালে হাজাৰ হাজাৰ হেক্টৰ প্ৰাকৃতিক বনভূমি। সংস্থাটোৰ তথ্য অনুসৰি, অসমত ৩,৬০০বর্গ কিল'মিটাৰ প্ৰাকৃতিক বন ভূমি ধ্বংস হৈছে। ২০২০ চনত অসমত আছিল ২৬ লাখ হেক্টৰ বন ভূমি। ২০২৫ত অসমে হেৰুৱালে ১৮ হাজাৰ হেক্টৰ বন ভূমি। ২০০২ৰ পৰা ২০২৫লৈ অসমত ৭৭ হাজাৰ হেক্টৰ আৰ্দ্ৰ মৌলিক বন ভূমি হ্রাস পাইছে। বিশ্ব সংস্থাটোৰ তথ্য অনুসৰি অসমৰ বনাঞ্চল হ্ৰাসৰ মূল কাৰণ হ'ল দুই পার্বত্য জিলা কাৰ্বি আংলং আৰু ডিমা হাছাও। এই দুয়োখন জিলাত বৈধ-অবৈধভাৱে বিগত বৰ্ষসমূহত অবাধ হাৰত বন ভূমি ধ্বংস কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ সেউজীয়া আৱৰণেৰে আৱৰি ৰখা গছসমূহৰ লগতে পাহাৰত থকা মূল্যৱান খনিজ পদার্থসমূহ অবৈজ্ঞানিক পদ্ধতিৰে খনন চলোৱাৰ লগতে পথ নির্মাণ তথা আন উন্নয়নমূলক নিৰ্মাণৰ নামত অপৰিকল্পিতভাৱে ধ্বংস কৰা হৈছে দুয়োখন পাহাৰীয়া জিলাৰ বন ভূমি। কার্বি আংলঙত ১ লাখ ৩০ হাজাৰ হেক্টৰ বনাঞ্চল ধ্বংস হোৱাৰ বিপৰীতে ডিমা হাছাও জিলাত ধ্বংস হৈছে ৯০ হাজাৰ হেক্টৰ বনাঞ্চল। 

অসমত বন আস্বাদন হ্ৰাসৰ কাৰণ কৃষিত ব্যৱহৃত আন্তঃগাঁথনি নির্মাণ আৰু বনজুইও অন্যতম বুলি সংস্থাটোৰ তথ্যত প্ৰকাশ পাইছে। দেশৰ ১৯খন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলতো হ্রাস পাইছে বনাঞ্চল। চৰকাৰী তথ্য অনুসৰি অসমত কিছু অঞ্চলত বনানীকৰণত গুৰুত্ব আৰোপ কৰা হৈছে যদিও পার্বত্য জিলা দুখনত বনানীকৰণৰ নামত কেইবাশ কোটি টকীয়া কেলেংকাৰি হোৱাৰ অভিযোগ তথ্যসহকাৰে আনিছে বিৰোধী দল কংগ্ৰেছে। চৰকাৰী তথ্য অনুসৰি অসমত চলিত বর্ষলৈ ১৬৩ বর্গ কিল'মিটাৰতকৈ অধিক বনাঞ্চলত বনানীকৰণ কৰা হৈছে। তথাপি আন্তর্জাতিক সংস্থাটোৰ তথ্যই উদ্বেগৰ সৃষ্টি কৰিছে।

Share This