সীমাকেন্দ্রিক সংঘর্ষত অসমৰ দুই শতাধিক লোকৰ মৃত্যু, অসমৰ ১৬,১৪৪ হেক্টৰ ভূমি বেদখল অৰুণাচলৰ

dainik janambhumi August 11, 2026

ডিজিটেল ডেস্ক: অসমৰ ৮২,৭৫১.৮৬১৮ হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্যই দখল কৰি আছে যদিও এই ভূমি উদ্ধাৰত ব্যর্থ হৈছে অসম চৰকাৰ। যাৰ ফলত সীমান্তত সততে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে। আনকি বিগত সময়ছোৱাত সীমাক লৈ হোৱা সংঘৰ্ষত অসমৰ ২০২জনকৈ লোকে প্রাণ হেৰুৱাইছে। 

মুখ্যমন্ত্রী হিচাপে দায়িত্ব লৈয়ে ড° হিমন্ত বিশ্ব শর্মাই চুবুৰীয়া ৰাজ্যৰ সৈতে থকা সীমা বিবাদ নিষ্পত্তি কৰাৰ বাবে আলাপ-আলোচনা আৰম্ভ কৰি মেঘালয় আৰু অৰুণাচলৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছিল যদিও বাস্তৱত আজিলৈকে সীমা সমস্যাৰ সমাধান নহ'ল। ফলত কালি গোগামুখত অৰুণাচলীৰ গুলীত আহত হ'বলগীয়া হয় অসমৰ বহুকেইজন লোক। ইয়াৰ পূৰ্বতেও অৰুণাচল সীমান্তত হোৱা সংঘর্ষত অসমৰ ১৭জনকৈ লোকে প্রাণ হেৰুৱাইছিল। ইয়াৰে পোন্ধৰজন হৈছে বিশ্বনাথ জিলাৰ আৰু দুজন হৈছে ধেমাজি জিলাৰ। 

উল্লেখযোগ্য যে আজিৰ তাৰিখত অৰুণাচল প্রদেশে অসমৰ ১৬,১৪৪ হেক্টৰ, মেঘালয়ে ৩,৪৪১ আৰু মিজোৰামে ৩,৬৭৫ হেক্টৰ আৰু নগালেণ্ডে সর্বাধিক ৫৯৪৯০ হেক্টৰ ভূমি দখল কৰি আছে। আনহাতে, চুবুৰীয়া ৰাজ্যকেইখনৰ একাংশ লোকে এই বৃহৎ পৰিমাণৰ ভূমি দখল কৰাৰ উপৰি নিতৌ বিভিন্ন অঞ্চলত নতুনকৈ ভূমি দখল কৰাৰ প্রক্রিয়া অব্যাহত ৰাখিছে। ৰাজ্য চৰকাৰে প্ৰকাশ কৰা তথ্য মতেই অৰুণাচল প্রদেশে শোণিতপুৰ জিলাৰ ১০ হেক্টৰ, বিশ্বনাথ জিলাৰ ৪৭৫৬ হেক্টৰ, লখিমপুৰ জিলাৰ ২৪৩৫ হেক্টৰ, ধেমাজি জিলাৰ ৯৯২ হেক্টৰ, তিনিচুকীয়া জিলাৰ ৭২৩৯ হেক্টৰ, ডিব্রুগড় জিলাৰ ১০ হেক্টৰ আৰু চৰাইদেউ জিলাৰ ৬০২.০১১৭ হেক্টৰসহ মুঠ ১৬১৪৪.০১১৭ হেক্টৰ ভূমি বেদখল কৰি ৰাখিছে। মন কৰিবলগীয়া কথা যে অৰুণাচল প্রদেশৰ মুঠ ৮০৪.১০ কিল'মিটাৰ দৈৰ্ঘাৰ সীমা বিবাদ নিষ্পত্তি কৰিবলৈ দুয়োখন ৰাজ্যৰ চৰকাৰে ১২খনকৈ আঞ্চলিক কমিটী গঠন কৰিছিল। দুয়োখন ৰাজ্যৰে পাৰস্পৰিক আঞ্চলিক কমিটাবোৰে আনকি সীমান্ত এলেকাসমূহ যুটীয়াভাৱে পৰিদর্শন আৰু স্থানীয় লোকৰ লগত আলোচনা কৰি এই আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তি কৰিবলৈ ব্যৱস্থা লৈছিল। সেইমর্মে অৰুণাচল প্রদেশে দাবী কৰা ১২৩খন গাঁৱৰ ওপৰত যোৱা ২০২৩ চনৰ ২০ এপ্রিলত নতুন দিল্লীত কেন্দ্রীয় গৃহ মন্ত্রীৰ উপস্থিতিত বুজাবুজিৰ চুক্তি কৰা হৈছিল। সেই অনুসৰি ১২৩খন গাঁৱৰ উপৰি আগতে জৰীপ নোহোৱা এলেকাসমূহৰ যুটীয়া সীমা জৰীপ কৰিবলৈ ব্যৱস্থা লোৱা হৈছে। 

ৰাজ্য চৰকাৰৰ মতে, সীমা বিবাদ নিষ্পত্তি কৰিবলৈ খণ্ড খণ্ডকৈ আন্তঃৰাজ্যিক সীমাৰ মুঠ ২৯১.০৮ কিল'মিটাৰ অংশ দুয়োখন ৰাজ্যৰ সহমতত নিশ্চিত কৰা হৈছে। ইয়াৰে মুঠ ১৪৯.৬১ কিল'মিটাৰ দৈৰ্ঘাৰ সীমা দুয়ো ৰাজ্যৰ প্রতিনিধিৰ উপস্থিতিত চলিত বৰ্ষৰ ৯ ফেব্ৰুৱাৰীৰ পৰা ১০ জুনলৈ যুটীয়াভাৱে ভাৰতীয় জৰীপ বিভাগ (এছ অ' আই)ৰ দ্বাৰা নির্ধাৰণ কৰা হৈছে। কিন্তু চৰকাৰৰ এই পদক্ষেপৰ পাছতো সীমান্তৰ এই সমস্যাৰ সমাধান এতিয়াও যেন বহু যোজন দূৰৈত আছে। অভিযোগ উঠিছে যে চৰকাৰে যি আলোচনা কৰি সিদ্ধান্ত লৈছে সেয়া ফাইলতে আবদ্ধ হৈ আছে। বাস্তৱত একো হোৱা নাই। যাৰ ফলত কালি পুনৰ উত্তপ্ত হ'ল অসম-অৰুণাচল সীমান্ত।

Share This