ডিজিটেল ডেস্ক: জোনাইৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ৰুকচিনস্থিত অসমৰ নেপালী বস্তি এলেকাত অসমৰ ভূমিত অৰুণাচল প্রদেশ প্রশাসনে অবৈধভাৱে ভূমি দখল কৰি পকী পথ নিৰ্মাণ কৰিবলৈ লোৱা ঘটনাক কেন্দ্ৰ কৰি সীমান্ত অঞ্চলত তীব্র উত্তেজনাৰ সৃষ্টি হৈছে। এই ঘটনাক লৈ জোনাইৰ বিভিন্ন স্থানীয় দল-সংগঠন আৰু ৰাইজে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে।
জানিব পৰা মতে, কালি পুৱাৰ ভাগতেই অৰুণাচলী ঠিকাদাৰে অৰুণাচল আৰক্ষীক সষ্টম কৰি ৰাখি, জোনাই সমজিলা প্রশাসনক সম্পূর্ণৰূপে উপেক্ষা কৰি অসমৰ ভূমিত অজ্ঞাতে পকী পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। এই ঘটনা পোহৰলৈ অহাৰ লগে লগে স্থানীয় ৰাইজে তৎক্ষণাৎ স্থানীয় দল-সংগঠন আৰু জোনাই সমজিলা প্ৰশাসনক খবৰ দিয়ে। ৰাইজৰ এই অভিযোগৰ পাছতে ঘটনাস্থলীত স্থানীয় সংগঠন আছু আৰু টি এম পি কেৰ দলে উপস্থিত হৈ পথ নিৰ্মাণৰ কাম তাৎক্ষণিকভাৱে বন্ধ কৰায়।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও একেটা স্থানতেই অৰুণাচল প্রশাসন আৰু সংশ্লিষ্ট ঠিকাদাৰে মিলি দুবাৰকৈ অসমৰ ভূমি দখল কৰি পথ নিৰ্মাণ কৰিবলৈ চেষ্টা চলাইছিল। সেই সময়তো স্থানীয় দল-সংগঠন আৰু ৰাইজৰ তীব্র বাধাৰ মুখামুখি হৈ পথ নিৰ্মাণৰ কাম বন্ধ কৰিবলগীয়া হৈছিল। কিন্তু আজি পুনৰবাৰ জোনাই সমজিলা প্ৰশাসনৰ নির্লিপ্ততা আৰু নির্বাক ভূমিকাৰ সুযোগ লৈ পুৱাই অৰুণাচলী ঠিকাদাৰে আৰক্ষীক সষ্টম কৰি ৰাখি পুনৰ পথ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ ফলতেই সীমান্তত এই তীব্র উত্তেজনাপূর্ণ পৰিস্থিতিৰ সৃষ্টি হয়।
আশ্চর্যজনকভাৱে, ঘটনাটো সংঘটিত হোৱাৰ বহু সময় অতিক্ৰম কৰাৰ পাছতো বাতৰি সংগ্ৰহ কৰা সময়লৈকে জোনাই সমজিলা প্রশাসনৰ কোনো দায়িত্বশীল বিষয়া অথবা আৰক্ষী প্ৰশাসনৰ কোনো লোক ঘটনাস্থলীত উপস্থিত হোৱা নাই। ইয়াক লৈ স্থানীয় ৰাইজৰ লগতে দল-সংগঠনে তীব্র ক্ষোভ প্রকাশ কৰিছে।
ইফালে এই ঘটনাৰ পাছতে অসমৰ ভূমি সুৰক্ষা নিশ্চিত কৰিবলৈ জোনাই সমজিলা প্রশাসনে অতিবিলম্বে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে সীমান্ত এলেকাত পুনৰ এনে অবৈধ কার্য সংঘটিত নহয় তাৰ বাবে স্থায়ী ব্যৱস্থা ল'বলৈ দাবী জনাইছে স্থানীয় সংগঠন টি এম পি কে আৰু আছুৱে।