ডিজিটেল ডেস্ক: ওম ত্ৰয়ম্বকং য়জামহে সুগন্ধিম পুষ্টিৱৰ্ধনম
ওৰ্ৱাৰুকমিৱ বন্ধনান মৃত্যুৰ্মুক্ষীয় মামৃতাত্
মৃত্যুৰ দুৱাৰডলি গচকি থাউনি হেৰুওৱা এজাক মানুহ... ষ্ট্ৰেচাৰ, হুইল চেয়াৰত চলা জীৱন গাড়ীৰ চকা৷ কোনো যদি তেজ বিচাৰি হাইৰাণ, আন কোনো হাইৰাণ হৈছে অৰ্থ বিচাৰি৷ জীৱন যুঁজৰ সৈনিক কোনোৰ বয়স যদি ৭০, কোনো মাত্ৰ দুমহীয়া৷ যেন এখন যুদ্ধক্ষেত্ৰ৷ কেম’থেৰাপীৰে জীউ বচাবলৈ সকলোৰে আপ্ৰাণ চেষ্টা৷ কোনে দিব কাক সান্ত্বনা৷ কোনে মচিব কাৰ চকু পানী৷ কোন হ’ব কাৰ সাহ৷ শেতা-বিবৰ্ণ এজাক মানুহৰ লৰা-ঢপৰাৰ চিৰপৰিচিত এই দৃশ্য গুৱাহাটী মহানগৰীস্থিত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ৷ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ জয়জয়কাৰ সময়, চিকিৎসা বিজ্ঞানৰ ন ন উদ্ভাৱন, সাফল্যৰ মাজতো সমগ্ৰ বিশ্ববাসীৰ বাবে যি এতিয়াও ত্ৰাসৰ কাৰক, যিবিধ ৰোগত আক্ৰান্তৰ পৰিয়াল লাউলোৱা হৈ পৰে, যিয়ে মানুহক সমাজই নহয়, ঘৰ-পৰিয়াল, কৰ্মৰ পৰাও বিচ্ছিন্ন কৰিবলৈ বাধ্য কৰায়, সেই ৰোগবিধ যিয়ে চিকিৎসা বিজ্ঞানক আজিৰ তাৰিখতো ভ্ৰূকুটি কৰি অপৰাজিত হৈ প্ৰতিদিনে লাখ লাখজনৰ জীৱন কাঢ়ি নিছে– সেই জটিল ৰোগ কৰ্কটৰ সৈতে যুঁজি থকা শ শ ৰোগীৰ আশা-ভৰসাৰ থলী এই প্ৰতিষ্ঠান৷ প্ৰতিদিনে পুৱাৰ পৰাই উত্তৰ-পূবৰ ভিন্ন প্ৰান্তৰ ৰোগীৰে ভৰি পৰে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান৷ ১৯৭২ চনতেই প্ৰতিষ্ঠা হোৱা দেশৰ আগশাৰীৰ তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন কৰ্কট ৰোগৰ চিকিৎসালয় সাম্প্ৰতিক সময়ত এখন অতি ব্যস্ত চিকিৎসালয়৷
চিকিৎসা বিজ্ঞানৰ চমকপ্ৰদ উত্থানৰ সময়তো দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত লোকৰ সংখ্যা সমগ্ৰ বিশ্বজুৰি ভয়ংকৰভাৱে বৃদ্ধি পাইছে৷ প্ৰতি বছৰে লাখ লাখ লোক এই ৰোগত আক্ৰান্ত হৈ অকালতে মৃত্যুমুখত পৰে৷ বিশ্বত মৃত্যু হোৱা প্ৰতি ৬জন লোকৰ মাজৰ এজনৰ মৃত্যু হয় এই ব্যাধিত৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, ২০২২ বৰ্ষত সমগ্ৰ বিশ্বতে ১ কোটি লোকৰ মৃত্যু ঘটে এই ৰোগত৷ অতি শেহতীয়াভাৱে প্ৰকাশ পোৱা তথ্য অনুসৰি, আমাৰ ৰাজ্যত তিনি বছৰত ১,২২,২২১গৰাকী কৰ্কট ৰোগী চিনাক্ত হৈছে৷ অসমৰ স্বাস্থ্য খণ্ডৰ এই উদ্বেগজনক তথ্য লোক সভাত দাঙি ধৰিছে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্য মন্ত্ৰী প্ৰতাপ ৰাও যাদৱে৷ তথ্য মতে, ২০২২ বৰ্ষত ৩৯,৭৮৭গৰাকী, ২০২৩ বৰ্ষত স্তন কৰ্কটত ৪০,৭২১গৰাকী আৰু ২০২৪ বৰ্ষত স্তন কৰ্কটত ৪১,৭১৩গৰাকী লোক এই ৰোগত আক্ৰান্ত হয়৷ এতিয়া অসমৰ প্ৰতিখন গাঁৱত গড়ে ছজনকৈ কৰ্কট ৰোগী আছে৷ এনে এক অৱস্থাত আমি প্ৰায়ে প্ৰতিদিনে বিভিন্ন সংবাদ মাধ্যমযোগে নাইবা ছ’চিয়েল মিডিয়াযোগে কৰ্কট ৰোগত আক্ৰান্তৰ পৰিয়ালক সহায় আগবঢ়োৱাৰ উদ্দেশ্যে বিভিন্নজনৰ আহ্বান দেখা পাওঁ৷ কাৰণ ব্যয়বহুল এই ৰোগৰ চিকিৎসাৰ বাবে থান-বান হৈ যায় একো একোটা পৰিয়াল৷ চিকিৎসাৰ নামত বহু পৰিয়ালে ঘৰৰ ভেটি পৰ্যন্ত বিক্ৰী কৰিব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়৷ এনে সময়ত ভুক্তভোগী পৰিয়ালৰ বাদে আন কোনেও হৃদয়ংগম কৰিব নোৱাৰে এই বিপৰ্যয়ৰ কথা৷ সেয়ে খেৰকুটা এডালো যেন সহায় হৈ পৰে এনে সময়ত৷ হস্পিটেলত পুৱাৰ পৰা নিশালৈ ৰোগীৰ সৈতে থাকি ভালদৰে এসাঁজ খোৱাটো দূৰৈৰ কথা, এটুপি চাহ মুখত দিবলৈকো অৰ্থৰ অভাৱ হয় বহুতৰ৷ দুখ-বেদনাৰে ভাৰাক্ৰান্ত এনে লোকসকলৰ বাবে বহু সময়ত হস্পিটেল চৌহদত বহু বেচৰকাৰী সংস্থা, ব্যক্তিগতভাৱেও বহুতে খাদ্যৰ যোগান ধৰি আহিছে৷ এনেবোৰ প্ৰচেষ্টাই দূৰ-দূৰণিৰ পৰা অহা ৰোগী নাইবা আত্মীয়ক যথেষ্ট সকাহ প্ৰদান কৰে৷ এনে এক প্ৰচেষ্টাই বিগত ৩.৫ বছৰ ধৰি চলি আহিছে হস্পিটেলখনৰ ভিতৰত৷ অবিৰাম গতিত৷ সপ্তাহৰ কোনো এটা দিনে বাদ নপৰাকৈ কেৱল ৰোগী আৰু ৰোগীৰ পৰিয়ালৰ স্বাৰ্থত এক মহান কাম অব্যাহত আছে৷ দেখাত সৰু যেন লাগিলেও ভাবিলে এক বহু ডাঙৰ কাম এয়া৷ ৰোগীৰ পৰিয়ালৰ সদস্যক পুৱাই একাপ চাহেৰে সতেজ কৰি তোলাৰ এই সংকল্পত কোনো স্বাৰ্থ নাই৷ একাপ ফিকা চাহ নাইবা কফি যিয়ে যি বিচাৰে, এটা মুড়িৰ লাড়ু নাইবা দুখন বিস্কুট– যেন এক সঞ্জীৱনীস্বৰূপ৷ বাহিৰলৈ নোযোৱাকৈয়ে বিনা পইচাত প্ৰতিদিনে একাপ ফিকা চাহ নাইবা কফি হাততে পোৱাটো জানো সহজ কথা৷ সেয়াও এজন দুজনক নহয়, দিনে ৫৫০-৬০০ কাপ চাহ-কফিৰ সৈতে নাস্তা৷ হস্পিটেলৰ এটা চুকত পুৱা ১০-৩০ বজালৈ চলে কাৰ্যসূচী৷ মহামৃত্যুঞ্জয় মন্ত্ৰৰে এনে এটা পৰিৱেশ সৃষ্টি কৰা হয় যে ৰোগীৰ আত্মীয়ৰ বাবে এপলকলৈ সেই স্থান হৈ পৰে মানসিক প্ৰশান্তিৰ আলয়৷ প্ৰতিগৰাকী লোকৰ কৰ্ণকুহৰত প্ৰতিটো প্ৰভাতত প্ৰতিধ্বনিত হয় এই মহামৃত্যুঞ্জয় মন্ত্ৰ৷ মৃত্যু জিনি আগুৱাই যোৱাৰ বাবে অদেখাজনৰ ওচৰত কৰা এই কাতৰ প্ৰাৰ্থনাৰ স্থান কোনো মন্দিৰ নাইবা উপাসনাগৃহ নহয়৷ ইয়াৰ আঁৰৰ সংস্থাটো হৈছে পায়েল চাদ্ধা ফাউণ্ডেশ্যন৷ বোৱাৰী পায়েল চাদ্ধাৰ নামত চলা সংস্থাৰ হৈ এই কাম প্ৰতিদিনে নিয়াৰিকৈ তদাৰক কৰে অশোক চাদ্ধাই৷ আনুমানিক সত্তৰ বছৰ বয়সৰ এইগৰাকী ব্যক্তিৰ সহায়ক এজনে চাহ নাইবা কফিসমূহ বিতৰণ কৰি যায়৷ হস্পিটেলৰ ৰোগী থকা প্ৰতিটো ফ্ল’ৰতে সহায়কগৰাকী উপস্থিত হৈ চাহ-কফি ল’বলৈ এবাৰ মাতি আহ্বিলৈ নাপাহৰে৷ চাহ-কফিৰ বাবে লানি পতা ব্যক্তিসকলক এমোকোৰা হাঁহি আৰু নমস্কাৰ জনাই সম্ভাষণ জনোৱা অশোক চাদ্ধাৰ মুখত কাহানিও ফুটি নুঠে গৰ্ব-অহংকাৰৰ ভাব৷ ৰোগীৰ আত্মীয়ক একাপ চাহৰ জৰিয়তে কিছু সকাহ আৰু সাহস যোগাই অহাৰ প্ৰচেষ্টা এয়া৷ মহামৃত্যুঞ্জয় মন্ত্ৰৰে এনে এটা পৰিৱেশ সৃষ্টি কৰা হয় যে ৰোগীৰ আত্মীয়ৰ বাবে সেই স্থান হৈ পৰে মানসিক প্ৰশান্তিৰ আলয়৷ প্ৰতিগৰাকী লোকৰ কৰ্ণকুহৰত প্ৰতিটো প্ৰভাতত প্ৰতিধ্বনিত হয় এই মহামৃত্যুঞ্জয় মন্ত্ৰ৷ অল্পভাষী চাদ্ধাৰ মতে এয়া মা কামাখ্যাৰ প্ৰসাদ৷ ই সেৱা আৰু পূজা৷ মানৱ পূজাৰ বাবে সেয়ে এই বয়সতো তেওঁ নিতৌ আহে হস্পিটেললৈ৷ লগত দুজন সহায়ক৷ ইয়াৰ বাবে কোনো প্ৰচাৰ বিচৰা নাই তেওঁ কাহানিও৷ কোনা সংবাদ মাধ্যমত প্ৰচাৰো হোৱা নাই এই খবৰ৷ আজিৰ বস্তুবাদী পৃথিৱী, ছ’চিয়েল মিডিয়াত তিলকে তাল কৰি ভাইৰেল কৰি থকাৰ সময়তো এগৰাকী অনা অসমীয়াৰ এই প্ৰচেষ্টা নিঃসন্দেহে প্ৰশংসনীয়৷ নানা নেতিবাচক খবৰে ভিৰ কৰা সমাজত এনে এক ইতিবাচক খবৰ আজিৰ তাৰিখত মহঙা হৈ পৰিছে৷
- কিশোৰ গোস্বামী
ফ’ন ঃ ৯৮৬৪৮-১৬৩০০, ৭০০২২-৭২৭৯০