গুৱাহাটী বিশ্ববিদ্যালয়ত পশ্চিম এছিয়া বিষয়ক ৰাষ্ট্ৰীয় আলোচনা-চক্রত প্রাক্তন কেন্দ্রীয় মন্ত্ৰী এম জে আকবৰ, ইউ এ ই অপেকৰ পৰা আঁতৰি অহাটো বিশ্বৰ তেল বজাৰত গুৰুত্বপূৰ্ণ ঘটনা

dainik janambhumi May 01, 2026

ডিজিটেল ডেস্ক: বৰ্তমানৰ দ্রুত পৰিৱৰ্তনশীল বিশ্বব্যৱস্থাৰ সন্ধিক্ষণত সম্পদ সংকট, সুৰক্ষা, অর্থনৈতিক প্ৰভাৱ, আধুনিকতাৰ ধাৰণা আৰু বিংশ শতিকাত আধুনিকতাৰ বিশ্বদৃষ্টিভংগীৰ পুনৰ মূল্যায়নে নতুন আলোচনাৰ দুৱাৰ মুকলি কৰিছে। 

উক্ত জটিল আৰু ৰূপান্তৰশীল পৰিপ্ৰেক্ষিতত গুৱাহাটী বিশ্ববিদ্যালয়ে শৈক্ষিক দিশত বিশ্ব পৰিসৰৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ সন্দৰ্ভত গভীৰ বৌদ্ধিক আলোচনা আগবঢ়োৱাৰ ক্ষেত্ৰত এক প্রাসংগিক আৰু সক্রিয় অংশ হিচাপে ভাৰতৰ প্ৰাক্তন ৰাজ্যিক বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী, বিশিষ্ট সাংবাদিক তথা লেখক এম জে আকবৰৰ উপস্থিতিত তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ননী গোপাল মহন্তৰ নেতৃত্বত চেণ্টাৰ ফৰ ছাউথ ইষ্ট এছিয়ান ষ্টাডিজ তথা ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত 'West Asia in a Fragmented Global Order: Security Dynamics and Economic Implications' শীর্ষক এখন ৰাষ্ট্ৰীয় আলোচনাচক্র সম্পন্ন হয়। এই অনুষ্ঠানত মুখ্য ভাষণত এম জে আকবৰে বিষয়বস্তুৰ লগত সংগতি ৰাখি কয়, 'বৰ্তমানৰ পৰিৱৰ্তনশীল বিশ্বৰ বহু ঘটনাই পশ্চিম এছিয়াক বিভিন্ন দিশৰ পৰা প্ৰভাৱিত কৰিছে। ইউ এ ইয়ে অপেকৰ পৰা আঁতৰি অহাটো বিশ্ব তেল বজাৰত পশ্চিমীয়া প্ৰভাৱৰ অন্যতম গুৰুত্বপূৰ্ণ ঘটনা। যোৱা কেইমাহমানত ডলাৰৰ আধিপত্যৰ বিৰুদ্ধে উত্থাপিত প্রত্যাহ্বানসমূহেও এই পৰিৱৰ্তনশীল ধাৰাটোক স্পষ্টভাৱে প্রতিফলিত কৰিছে। এই সকলো উন্নয়নে এটা স্পষ্ট সংকেত দিয়ে যে, ৰাষ্ট্ৰীয় স্বার্থই এতিয়া সীমা অতিক্ৰম কৰি নিজস্ব কৌশল আৰু স্বায়ত্তশাসনৰ দিশে আগবাঢ়ি আহিছে। আন্তঃৰাষ্ট্ৰীয় শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত নাটো আৰু ৰাষ্ট্ৰসংঘৰ দৰে প্ৰতিষ্ঠানসমূহে দ্রুতগতিত বিকশিত হোৱা বহুমেৰু বিশ্বত কর্তৃত্ব দখল কৰিবলৈ ক্ৰমান্বয়ে সংগ্রাম কৰি আছে। গতিকে, গতিশীল বিশ্বৰ লগত আগুৱাই যোৱাটো অত্যন্ত জৰুৰী। 

উদ্বোধনী ভাষণত উপাচার্য অধ্যাপক ননী গোপাল মহন্তই বিষয়ৰ গভীৰতাৰ লগত সংগতি ৰাখি কয়, 'আমেৰিকাৰ দৰে বিশ্ব নেতৃত্বৰ বিভিন্ন স্তম্ভসমূহৰ ওপৰত বৃদ্ধি পাই থকা চাপে স্পষ্টভাবে সূচায় যে কৌশলগত আধিপত্য আৰু মতাদর্শগত প্রভাবে এতিয়া ক্রমশঃ তীব্র প্রতিদ্বন্দ্বিতাৰ সন্মুখীন হৈছে। পশ্চিম এছিয়াৰ প্ৰেক্ষাপটত, দীৰ্ঘদিন ধৰি উপসাগৰীয় অঞ্চলৰ মুখ্য নিৰাপত্তা প্রদানকাৰী হিচাপে গণ্য কৰা আমেৰিকাই এতিয়া নিজৰ ভূমিকা আৰু নিৰ্ভৰযোগ্যতাক লৈ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ সন্মুখীন হৈছে। 

সমান্তৰালভাৱে, পশ্চিমীয়া মিত্ৰতাৰ ভিতৰত দেখা দিয়া বিচ্ছিন্নতা, বিশ্বব্যৱস্থাৰ পুনর্গঠন আৰু নতুন ক্ষমতাৰ কেন্দ্ৰসমূহৰ উদ্ভৱৰ বাবে এক নতুন সম্ভাৱনাৰ দিগন্ত মুকলি কৰাৰ ইংগিত দিয়ে।' কাৰ্যসূচীৰ অংশ হিচাপে প্রাক্তন আই পি এছ তথা প্রাক্তন আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰ জ্যোতি মহন্তই সভাপতিত্ব কৰা প্ৰথম আলোচনা-চক্রত অভিযান দাস (Strategic Consulting and National Security Expert, Governing Body Member of Society to Harmonise Aspirations for Responsible Engagement (SHARE), অধ্যাপক শুভ্রজিত কোঁৱৰ আৰু অধ্যাপক অজা বৰা হাজৰিকাই অংশগ্ৰহণ কৰি বিশ্বত শক্তিৰ স্থানান্তৰ, বিশ্বব্যাপী প্রতিদ্বন্দ্বিতা আৰু ভাৰতৰ কূটনৈতিক কৌশল সম্বন্ধীয় বিভিন্ন গুৰুত্বপূর্ণ বিষয়ত আলোকপাত কৰে। 

দ্বিতীয় আলোচনা-চক্রত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উত্তৰ-পূব ভাৰত অধ্যয়ন প্ৰতিষ্ঠানৰ সঞ্চালক তথা অধ্যাপক অখিল ৰঞ্জন দত্তই সভাপতিত্ব কৰি 'The Anarchic Hegemon, Global Disorder and the West Asian Crisis' বিষয়ত বক্তৃতা আগবঢ়ায়। উক্ত আলোচনা-চক্ৰত নিৰভ জ্যোতি ডেকা, ৰক্তিম ৰঞ্জন নেওগ, ঋতুৰাজ শইকীয়া, ভৱ সিন্ধু বৰঠাকুৰ, প্রিয়ম ভট্টচার্য আৰু অনুপম পখেলে নিজৰ বিষয়ত আলোকপাত কৰে। উক্ত তত্ত্বগধুৰ অনুষ্ঠানত অধ্যাপক, আমন্ত্রিত অতিথিবৃন্দ, বিষয় সম্পর্কত বিভিন্ন বিশেষজ্ঞ, গৱেষক আৰু ছাত্র-ছাত্রীসকল উপস্থিত থাকে।

Share This