শুভাংশু শুক্লালৈ অশোক চক্র

dainik janambhumi January 26, 2026

ডিজিটেল ডেস্ক : ভাৰতীয় বায়ু সেনাৰ গ্ৰুপ কেপ্টেইন তথা ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাক সর্বোচ্চ সাহসিকতাৰ বঁটা এইবছৰৰ শান্তিৰ সময়ৰ সেনাৰ অশোক চক্ৰৰে সন্মানিত কৰা হৈছে। কালি ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে দেশৰ সশস্ত্র বাহিনীৰ ৭৭জন জোৱানলৈ সাহসিকতাৰ বঁটা আগবঢ়োৱাত অনুমোদন জনায়। ইয়াৰ লগতে তিনিজনক কীর্তিচক্র, ১৩জনক শৌর্যচক্র, এজনক বাৰ টু সেনা পদক, ৪৪জনক সেনা পদক, ৬জনক নৌ সেনা পদক আৰু দুজনক বায়ু সেনা পদকেৰে সন্মানিত কৰা হয়। 

 

উল্লেখযোগ্য যে শুভাংশু শুক্লা আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানলৈ যোৱা ভাৰতৰ প্ৰথমজন মহাকাশচাৰী। তেওঁ যোৱা বছৰ এগজিয়ম-৪ অভিযানৰ অধীনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানলৈ ঐতিহাসিক যাত্ৰা আৰম্ভ কৰে। তেওঁ মহাকাশ আস্থানত ১৮ দিন কটায় আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত গৱেষণা কৰে। ইফালে যোৱা বছৰ ১৪ মে'ত ভাৰত-ম্যানমাৰ সীমান্তত উগ্রপন্থীৰ বিৰুদ্ধে সাহসিক অভিযান চলোৱা অসম ৰাইফল্‌লুৰ মেজৰ অর্শদীপ সিং, ১১ এপ্ৰিলত কিস্তৱাৰৰ বনাঞ্চলত সন্ত্রাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়ত এটা বিদেশী সন্ত্রাসবাদীক হত্যা কৰা পেৰা বিশেষ বাহিনীৰ নায়ক চুবেদাৰ দৌলেশ্বৰ চুব্বাক কীৰ্তিচক্ৰৰে সন্মানিত কৰা হৈছে। লেফটেনেন্ট কর্ণেল ঘাটাগে আদিত্য শ্রীকুমাৰ, মেজৰ অংশুল বাল্টু, মেজৰ শিৱকান্ত যাদৱ, মেজৰ বিবেক, মেজৰ এ দীপক সিং, কেপ্টেইন যোগেন্দৰ সিং ঠাকুৰ, চুবেদাৰ পি এইচ মছেছ, এল/ডি এফ আৰ বলদের চান্দ (মৰণোত্তৰ), ৰাইফলমেন মংগলম ছং ভাইফেই, ৰাইফলমেন ধ্রুবজ্যোতি দত্ত, নৌ সেনাৰ লেফটেনেন্ট কমাণ্ডাৰদ্বয় ক্ৰমে ডিলনা কে আৰু ৰুপা এ, তথা সহকাৰী কমাণ্ডেণ্ট বিপিন উইলছনক শৌর্যচক্ৰৰে সন্মানিত কৰা হয়। 

 

ইফালে গণৰাজ্য দিৱস উপলক্ষে আৰক্ষীৰ ৯৮২জন জোৱানক বিশিষ্ট সেনা পদকেৰে সন্মানিত কৰা হয়। ইয়াৰে ১২৫জনক সাহসিকতাৰ পুৰস্কাৰ দিয়া হয়। জম্মু আৰু কাশ্মীৰৰ আৰক্ষীয়ে সর্বাধিক ৪৫টা পদক জয় কৰে। আনহাতে, 'অপাৰেশ্যন সেন্দুৰ'ৰ সময়ত ভাৰতীয় সেনাৰ মুখপাত্ৰ হিচাপে ভূমিকা পালন কৰা কর্নেল ছ'ফিয়া কুৰেশ্বিলৈ সেনাৰ বিশিষ্ট সেৱাৰ পদক আগবঢ়ো

ৱা হয়।

Share This