ডিজিটেল ডেস্ক : এদিনীয়া ক্রিকেটৰ ভৱিষ্যতক লৈ চিন্তিত ৰবিচন্দ্রন অশ্বিন। তেওঁৰ প্ৰশ্ন, ২০২৭ চনৰ এদিনীয়া বিশ্ব কাপৰ পাছত ৫০ অ'ভাৰৰ ক্ৰিকেট হ'বনে? ২০২৭ চনৰ এদিনীয়া বিশ্ব কাপত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে খেলিব নে নাই সেয়া নিশ্চিত নহয়। ৰোহিত আৰু কোহলীৰ অৱসৰৰ পাছত দৰ্শকে এদিনীয়া ক্রিকেট উপভোগ কৰিবনে বুলিও প্রশ্ন তুলিছে ভাৰতৰ প্ৰাক্তন স্পীনাৰগৰাকীয়ে। অশ্বিনৰ মতে টেষ্ট আৰু টি-২০ ক্রিকেটক লৈ চিন্তাৰ কোনো কাৰণ নাই। কিন্তু এদিনীয়া ক্ৰিকেটৰ জনপ্রিয়তা হ্রাস হৈছে।
অশ্বিনে কয়, 'আমি দর্শকে কি বিচাৰে সেই বিষয়ে চিন্তা কৰিব লাগিব। মোৰ মতে টেষ্ট ক্রিকেটৰ বাবে নির্দিষ্ট দর্শক আছে। গতিকে টেষ্টৰ বাবে কোনো ভয় নাই। টি-২০ ক্রিকেট ক্ৰমান্বয়ে জনপ্রিয় হৈ উঠিছে। কিন্তু এদিনীয়া ক্রিকেট বিপদত পৰিছে। এই ফর্মেট জনপ্রিয় হৈ উঠাৰ কোনো কাৰণ দেখা নাই।' টি-২০ ক্রিকেটৰ প্ৰভাৱত এদিনীয়া ক্রিকেট সলনি হৈছে। ইয়াতেই সমস্যাৰ সৃষ্টি হৈছে বুলি ব্যক্ত কৰে অশ্বিনে। তেওঁ কয়, 'এটা সময়ত এদিনীয়া ক্রিকেটৰ সুকীয়া জনপ্রিয়তা আছিল। এই ফর্মেটতেই জন্ম হৈছিল মহেন্দ্র সিং ধোনিৰ দৰে ক্রিকেটাৰৰ। ধোনিয়ে আগতে ১০-১৫ অভাৰত ৰান সংগ্ৰহত গুৰুত্ব দিছিল। শেষৰফালে হাত খুলি খেলিছিল ধোনিয়ে। পিছে এতিয়া ধোনিৰ দৰে ক্ৰিকেটাৰ নাই। কাৰণ দুটা নতুন বলত খেল হৈছে। ৩০ গজৰ চক্ৰৰ ভিতৰত ৫গৰাকী ফিল্ডাৰ ৰখা হৈছে। এইক্ষেত্রত বেট-বলৰ যুঁজ হোৱা নাই।' অশ্বিনৰ মতে ফিফাৰ পৰা আই চি চিয়ে শিক্ষা ল'ব লাগে।
অশ্বিনে কয়, 'বিশ্বৰ বিভিন্ন দেশত ফুটবল গোটেই বছৰ ধৰি চলি থাকে। ৪ বছৰৰ অন্তত বিশ্ব কাপ অনুষ্ঠিত হয়। তাৰ বাবে সকলোৱে আগ্ৰহেৰে বাট চাই থাকে। ক্রিকেটতো সেয়া হ'ব লাগে। দ্বিপাক্ষিক শৃংখলা, লীগ হ'ব লাগে। কিন্তু বিশ্ব কাপ ৪ বছৰৰ অন্তত হোৱা উচিত। ইয়াৰ ফলত দৰ্শকৰ মাজত আগ্রহ বৃদ্ধি পাব। একমাত্র এইক্ষেত্রত এদিনীয়া ক্রিকেটক ৰক্ষা কৰিব পৰা যাব।' ইফালে, ৰোহিত আৰু কোহলীয়ে যিমান দিনলৈ এদিনীয়া ক্রিকেট খেলিব সিমান দিন ধৰি দৰ্শকে ষ্টেডিয়ামত ভিৰ কৰিব। কিন্তু তেওঁলোকে অৱসৰ ল'লে কি হ'ব তাকে লৈ চিন্তাত পৰিছে আন্তর্জাতিক ক্রিকেটত ৭৬৫টা উইকেট দখলকাৰী অশ্বিন।